স্পৰ্টছ ডেস্ক, 7 জানুৱাৰীঃ বিৰাট কোহলিক ভাৰতীয় দলৰ ‘তান্হাজী’ আখ্যা দিলে বলিউডৰ ভাৰ্চেটাইল অভিনেতা অজয় দেৱগনে ৷ নিজৰ আহিবলগীয়া ‘তান্হাজী’ ছবিখনৰ প্ৰচাৰ কাৰ্যত এনে মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷ মেচৰ পূৰ্বে ষ্টাৰ স্পৰ্টছৰ অনুষ্ঠিত ক্ৰিকেট শ্ব’ত অংশলৈ ভাৰতীয় দলটোৰ প্ৰকৃত তান্হাজী বিৰাট কোহলি বুলি উল্লেখ কৰি কয়,বিৰাটৰ মাজত যথেষ্ট আত্ম-বিশ্বাস,আক্ৰমণাত্মক গুণ আৰু জয়ৰ প্ৰবল ইচ্ছা শক্তি ভৰি আছে ৷

লক্ষ্যণীয় যে,অজয় দেৱগনৰ এই মন্তব্য কিন্তু আখৰে আখৰে প্ৰতিফলিত হয় বিৰাট শেহতীয়া বৰ্ষৰ ৰেকৰ্ডত ৷ 2019 বৰ্ষত 2455 ৰান সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান কৰা খেলুৱৈ হৈছে কোহলি ৷ ইপিনে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত বিশ্বৰ এক নম্বৰ খেলুৱৈ বিৰাট ৷