ETV Bharat / sports

এটা দিশত শচীনত কৈ উত্তম বিৰাট কোহলি : ডিভিলিয়াৰ্ছ - শচীন তেণ্ডুলকাৰ

শেহতীয়াকৈ শচীন আৰু বিৰাট কোহলি সন্দৰ্ভত এক মন্তব্য প্ৰকাশ কৰিছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ এ.বি. ডিভিলিয়াৰ্ছে । ডিভিলিয়াৰ্ছৰ মতে, এটা দিশত শচীনতৈ উত্তম বিৰাট কোহলি ।

virat kohli better than sachin tendulkar in terms of chasing under pressure ab de villiers

author img

By

Published : May 12, 2020, 4:42 PM IST

স্পৰ্টছ ডেস্ক, ১২ মে': শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলিৰ মাজত কোন শ্ৰেষ্ঠ তাকলৈ সঘনাইয়ে বিশ্ব ক্ৰিকেটৰ লগতে বহু অনুৰাগীৰ মাজত দেখা পোৱা যায় মতানৈক্য । কিন্তু শেহতীয়াকৈ এটা দিশত বিৰাট কোহলিক শচীনত কৈ উত্তম বুলি কৈছে দক্ষিণ আফ্ৰিকাৰ বিস্ফোৰক বেটছমেন এ.বি.ডিভিলিয়াৰ্ছে । লক্ষ্য অতিক্ৰম কৰাৰ সময়ত বিৰাট কোহলি শচীনতকৈ উত্তম হৈ পৰে বুলি কয় ডিভিলিয়াৰ্ছে ।

ইনষ্টাগ্ৰাম চেটত এই কথা উল্লেখ কৰিছে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈগৰাকীয়ে । ডিভিলিয়াৰ্ছে কয়, শচীন মোৰ আৰু বিৰাটৰ বাবে আদৰ্শ । শচীনে যেনেকৈ নিজৰ সময়ত উচ্চ শিখৰত অধিষ্ঠিত থাকিবলৈ সক্ষম হৈছে, যি লাভ কৰিছে সেয়া সঁচাই এজন যুৱখেলুৱৈৰ বাবে মহান উদাহৰণ । মোৰ মতে এই কথাত বিৰাটেও সন্মতি জনাব যে, তেওঁ আমাৰ বাবে এক মানদণ্ড তৈয়াৰ কৰি থৈ গৈছিল ।

বিৰাট কোহলি
বিৰাট কোহলি

কিন্তু মই ব্যক্তিগত ভাৱে লক্ষ্য অতিক্ৰম কৰি থকা সময়ত কোহলিক সৰ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰিম । শচীনো সকলো পৰিস্থিতিত অদ্ভুত খেলুৱৈ আছিল । কিন্তু লক্ষ্য অতিক্ৰমৰ চাপৰ মাজত মই কোহলিক শিখৰত ৰাখিম বুলি কয় ডিভিলিয়াৰ্ছে ।

আনহাতে স্মিথ আৰু বিৰাটৰ মাজত কোন সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বুলি প্ৰশ্ন কৰাত তাৰ উত্তৰ ডিভিলিয়াৰ্ছে দুই টেনিছ তাৰকা ৰজাৰ ফেডেৰৰ আৰু ৰাফেল নাডালৰ সৈতে তুলনা কৰে দুয়োকে । ডিভিলিয়াৰ্ছে কয়, স্মিথ মানসিক ভাৱে শক্তিশালী । তেওঁ ৰান বনোৱাৰ কৌশল জানে । কিন্তু তেওঁৰ খেলাৰ কৌশল স্বভাৱিক যেন অনুভৱ নহয় । কিন্তু অভিলেখ ভংগ কৰিবলৈ সক্ষম ।

আনহাতে বিৰাট কোহলি এগৰাকী নেচাৰেল ষ্ট্ৰাইকাৰ । বিশ্ব ক্ৰিকেটত সকলো ঠাইতে ৰান কৰিবলৈ সক্ষম হৈছে আৰু চাপৰ মাজতো বিৰাটৰ মেচ জয়ী কৰাৰ সক্ষমতা আছে বুলি উল্লেখ কৰে ডিভিলিয়াৰ্ছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.