ETV Bharat / sports

ভাৰত বনাম দক্ষিণ আফ্ৰিকাঃ বিৰাটৰ 26 সংখ্যক শতক

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা দ্বিতীয়খন টেষ্টত বিৰাটৰ শতক ৷ অধিনায়ক হিচাপে 19 সংখ্যক শতক কোহলিৰ ৷

author img

By

Published : Oct 11, 2019, 2:23 PM IST

Virat 26th Ton Against South Africa, 2nd test

স্পৰ্টছ ডেস্ক, 11 অক্টোবৰঃ পুণেৰ মহাৰাষ্ট্ৰ এশ্ব’ছিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা দ্বিতীয়খন টেষ্টত শতক অৰ্জন বিৰাট কোহলিৰ ৷ টেষ্ট কেৰিয়াৰৰ 26 সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈগৰাকীয়ে ৷ আনহাতে টেষ্ট ক্ৰিকেটৰ অধিনায়কৰ ভূমিকাত কোহলিৰ এইটো হৈছে 19 সংখ্যক শতক ৷

26 সংখ্যক শতক বিৰাটৰ
26 সংখ্যক শতক বিৰাটৰ

এই শতক অৰ্জনেৰে অধিনায়ক হিচাপে শতক অৰ্জন কৰা তালিকাত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ তথা অধিনায়ক ৰিকী পণ্টিঙৰ সৈতে যুটীয়া ভাৱে দ্বিতীয় স্থানত আছে কোহলি ৷ আনহাতে 25 টা শতক অৰ্জনেৰে শীৰ্ষত আছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথ ৷ কোহলিয়ে 81 খন টেষ্ট মেচৰ 138 টা ইনিংছত এই কৃতিত্ব লাভ কৰি দ্ৰুততম 26 সংখ্যক শতক অৰ্জন কৰা খেলুৱৈৰ তালিকাত সুনীল গাভাস্কাৰৰ অভিলেখ অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷ গাভাস্কাৰে 144 টা ইনিংছত অৰ্জন কৰিছিল নিজৰ 26 সংখ্যক শতক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.