ETV Bharat / sports

প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহানৰ দেহাৱসান

author img

By

Published : Aug 16, 2020, 7:54 PM IST

ক্ৰীড়াজগতলৈ দুঃখবৰ ৷ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ চেতন চৌহানৰ দেহাৱসান ৷ 73 বছৰ বয়সত ইহলীলা সম্বৰণ ক্ৰিকেটাৰগৰাকীৰ ৷ ভাৰতৰ হৈ 40 খন টেষ্টত অৱতীৰ্ণ হোৱা খেলুৱৈগৰাকীয়ে সুনীল গাভাস্কাৰৰ সৈতে দীৰ্ঘসময় ধৰি ভাৰতীয় দলত এগৰাকী অ’পেনিং বেটছেমনৰ ভূমিকা পালন কৰিছিল ৷ দুয়োয়ে 1970 দশকত 10 বাৰৰ বাবে শতকীয় ইনিংছৰ সহযোগিতা কৰাৰ লগতে 3 হাজাৰ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

veteran cricketer chetan chauhan passes away at 73

স্পৰ্টছ ডেস্ক, 16 আগষ্ট : ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহানৰ দেহাৱসান ৷ গুৰুগ্ৰামৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷ ক’ভিড-19 ত আক্ৰান্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছিল খেলুৱৈগৰাকী ৷

ক্ৰীড়াজগতৰ লগতে তেওঁ ৰাজনীতিৰ পথাৰতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷ বিজেপিৰ হৈ 1991 আৰু 1998 চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল কিংবদন্তি খেলুৱৈগৰাকী ৷

ভাৰতৰ হৈ 40 খন টেষ্ট ক্ৰিকেটত অৱতীৰ্ণ হোৱা চেতেন চৌহানে দীৰ্ঘসময়ৰ বাবে সুনীল গাভাস্কাৰৰ সৈতে অ’পেনিং যুটিত নিয়োজিত হৈ আছিল ৷ 1969 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল খেলুৱৈগৰাকীৰ ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে 25 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত পদাৰ্পণ কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে ৷

40 খন টেষ্টমেচত চেতেন চৌহানৰ নামত আছে 31.58 শতকৰা হাৰেৰে 2084 ৰান ৷ তেওঁৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান হৈছে 97 ৷ আনহাতে এদিনীয়া ক্ৰিকেটত 7 খন মেচত অৱতীৰ্ণ হৈছিল খেলুৱৈগৰাকী য’ত তেওঁ মুঠ 153 ৰান সংগ্ৰহ কৰিছিল ৷ প্ৰাক্তন খেলুৱৈ তথা কমেন্টেটগৰাকীৰ মৃত্যুত এতিয়া শোঁক ছা পৰিছে ক্ৰীড়া জগতত ৷

লগতে চাওক-ধোনীৰ সন্ন্যাসৰ পাচতেই ৰাজনৈতিক নেতা সকলৰ শুভেচ্ছা বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.