স্পৰ্টছ ডেস্ক, 9 ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্ৰিকাৰ ছেনৱাছ পাৰ্কৰ পচেফস্ট্ৰ’ম ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ ৷ ফাইনেলত অৱতীৰ্ণ হ’ব দুই এছিয়ান দেশ ভাৰত আৰু বাংলাদেশ ৷ প্ৰতিযোগিতাত অপৰাজয় প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলটোৰ লক্ষ্য হ’ব পঞ্চমবাৰৰ বাবে খিতাপ নিজৰ দখললৈ অনাৰ ৷ ইয়াৰ বিপৰীতে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা বাংলাদেশ দলটোৰ লক্ষ্য হ’ব ভাৰতক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হোৱাৰ ৷
ভাৰতীয় সময় অনুসৰি দিনৰ 1.30 বজাত অনুষ্ঠিত হ’ব এই খেলখন ৷ খেলখনৰ ওপৰত দৃষ্টি থাকিব ভাৰত তথা বাংলাদেশৰ বহু ক্ৰীড়াপ্ৰেমীৰ ৷
ভাৰতীয় দলটোৰ লগতে ভাৰতীয় অনুৰাগীয়ে পুনৰ বাৰ যশস্বী জয়ছোৱালৰ পৰা সুন্দৰ প্ৰদৰ্শনৰ আশা কৰিব ৷ খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে এটা শতক আৰু তিনিটা অৰ্ধশতকেৰে টুৰ্ণামেণ্টত সৰ্বাধিক ৰান (312) সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ য’ত আছে পাকিস্তানৰ বিৰুদ্ধে শতক ৷ ইপিনে বলিঙত কাৰ্তিক ত্যাগী, সুশান্ত মিশ্ৰা, ৰবি বিষ্ণই, অৰ্থৱ অংকোলেকৰ ওপৰতো নিৰ্ভৰ থাকিব ভাৰতীয় দলটো ৷
ভাৰতে ছেমিফাইনেলত পাকিস্তানক 10 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে বাংলাদেশে নিউজিলেণ্ডক 6 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ নিউজিলেণ্ডক পৰাস্ত এতিয়া যথেষ্ট আত্মবিশ্বাসী হৈ আছে বাংলাদেশ ক্ৰিকেট দলটো ৷ দলটোৰ অধিনায়ক আকবৰ আলীয়ে কয়, বাংলাদেশ দলটো বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰবিলৈ সক্ষম ৷ এতিয়া কেৱল এখোঁজ হে বাকী ৷
উল্লেখ্য যে, ভাৰতে ইয়াৰ পূৰ্বে মহম্মদ কাঈফ ৰ নেতৃত্বত 2000 চনত, কোহলি ৰ নেতৃত্বত 2008 চনত, উন্মক্ত চান্দ ৰ নেতৃত্বত 2012 ত আৰু পৃথ্বী শ্ব' ৰ নেতৃত্বত 2018 চনত 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷