স্পৰ্টছ ডেস্ক, 13 মাৰ্চ : আইপিএল, 2020 অনুষ্ঠিত হ'বলৈ মাজত মাথো 16 টা দিন বাকী থকা অৱস্থাত অনিশ্চয়তাত ভূগিছে আয়োজক বিচিচিআই ৷ কৰ'ণাভাইৰাছ আতংকৰ পৰিপেক্ষিতত বাতিল অথবা স্থগিত হোৱাৰ সম্ভাৱনা আছে বহু প্ৰতিক্ষিত ক্ৰিকেট লীগখন ৷

বহুকেইজন খেলুৱৈ কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত ইতিমধ্যেই বাতিল হৈছে বহুকেইখন ফুটবল লীগৰ লগতে NBA মেচ ৷ একেদৰেই আইপিএল মেচসমূহো স্থগিত অথবা বাতিল হোৱাৰ সম্ভাৱনা আছে ৷
এই সম্পৰ্কত ক্ৰিকেট বিশেষজ্ঞই মন্তব্য কৰিছে যে, টুৰ্ণামেন্ট স্থগিত ৰখাটো সম্ভৱ নহয় যিহেতু আইপিএলৰ বাবে প্ৰয়োজন হোৱা 6ৰ পৰা 7 মাহৰ সময় পুনৰবাৰ ক্ৰিকেটৰ বাৰ্ষিক কেলেণ্ডাৰে প্ৰস্তুত কৰিব নোৱাৰে ৷
আনহাতে, 15 এপ্ৰিলৰ পৰা কোনো বিদেশী খেলুৱৈয়ে আইপিএলত অংশগ্ৰহণ কৰিব নোৱাৰিব যিহেতু বিদেশী লোকৰ ভিছাৰ ক্ষেত্ৰত ভাৰতে প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷
ভাৰতীয় দলৰ নতুন নিৰ্বাচক দলৰ নেতৃত্বত থকা সুনীল জোশীয়ে পূৰ্বেই মন্তব্য কৰিছিল যে, আগন্তুক টি-20 বিশ্বকাপত নিৰ্বাচিত হ'বলৈ হ'লে ধোনীয়ে আইপিএলত ভাল প্ৰদৰ্শন আগবঢ়াব লাগিব ৷

আনহাতে, জোশীৰ পূৰ্বাধিকাৰী এম. এছ. কে. প্ৰসাদেও মন্তব্য কৰিছিল যে, দলত স্থান লাভৰ বাবে ধোনীয়ে প্ৰদৰ্শন কৰাটো অতি প্ৰয়োজনীয় ৷
যিহেতু আইপিএলৰ টুৰ্ণামেন্টখন অনিশ্চয়তাৰ গৰাহত পৰিছে সেয়েহে ধোনীৰ ক্ৰিকেট কেৰিয়াৰ সম্পৰ্কতো এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে ৷

উল্লেখ্য যে, 38 বৰ্ষীয় ধোনীয়ে চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি অহাৰ লগতে দলক তিনিবাৰৰ বাবে চেম্পিয়নৰ খিতাপ প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীয়ে ভাৰতৰ জাতীয় দলৰ হৈ অন্তিমবাৰ ক্ৰিকেট বিশ্বকাপত অংশগ্ৰহণ কৰিছিল ৷

আৰু পঢ়ক : আইপিএল 2020 : দিল্লীত বাতিল সকলো মেচ