স্পৰ্টছ ডেস্ক, 27 জানুৱাৰীঃ 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় ক্ৰিকেট দলে ৷ প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ‘গ্ৰু এ’ ত অজয় হৈ অন্তিম আঠত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷

মঙলবাৰে ছেনৱেছ পাৰ্কত ভাৰতীয় সময় অনুসৰি দিনৰ 1.30 টা বজাত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ভাৰত ৷ ইয়াৰ লগে-লগে মঙলবাৰে বিশ্বকাপ খিতাপ জয়ৰ প্ৰবল দাবীদাৰৰ যিকোনো এটা শক্তিশালী দলৰ অন্ত পৰিব খিতাপ জয়ৰ অভিযান ৷

বৰ্তমানলৈকে টুৰ্ণামেণ্টত ভাৰতে চাৰিখন মেচৰ চাৰিখনেতেই জয় লাভ কৰাৰ বিপৰীতে তিনিখন মেচত জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে অষ্ট্ৰেলিয়া দলটোৱে ৷ গতিকে মঙলবাৰে দুই শক্তিশালী দলৰ মাজত এক উত্তেজনা পূৰ্ণ মেচ অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷