স্পৰ্টছ ডেস্ক, 2 জানুৱাৰীঃ এক বছৰৰ বাবে ৰঞ্জী ট্ৰফীৰ খেলাৰ পৰা নিষেধাজ্ঞা লাভ কৰিছে মানজৌত কালৰাই ৷ বয়স বেমেজালী কৰাৰ অপৰাধত দিল্লী জিলা ক্ৰিকেট এশ্ব’ছিয়েচনে ৷ 16 বছৰ অনুৰ্ধ্ব আৰু 19 বছৰ অনুৰ্ধ্ব ক্ৰিকেট কেৰিয়াৰৰ সময়ত এই বয়সৰ বেমেজালী কৰাৰ বাবদ 12 মাহৰ নিষেধজ্ঞা দিয়া হৈছে খেলুৱৈগৰাকীক ৷ বাওঁহাতৰ খেলুৱৈগৰাকীয়ে বিগত বছৰৰ 19 বছৰ অনুৰ্ধ্বৰ বিশ্বকাপৰ ফাইনেল মেচত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷
একে অপৰাধতেই দিল্লীৰ জেষ্ঠ দলৰ সহঃঅধিনায়ক নিতিশ ৰাণাকো সঠিক বয়স প্ৰমাণ কৰাৰ বাবে দস্তাবেজ জমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ আনহাতে আন এগৰাকী 19 অনুৰ্ধ্বৰ তাৰকা খেলুৱৈ শিৱম মাৱীৰ বিষয়টো বি চি চি আইলৈ প্ৰেৰণ কৰা হৈছে কাৰণ তেওঁ উত্তৰ প্ৰদেশৰ হৈ ছিনিয়ৰ ক্ৰিকেটত প্ৰতিনিধিত্ব কৰি আহিছিল ৷
মানজৌত কালৰাক প্ৰাক্তন লোকায়ুক্ত ন্যায়াধীশ বদৰ ডুৰৰেজ আহমেদে 2 বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছিল ৷ কিয়নো খেলুৱৈগৰাকীৰ বয়সক লৈ অভিযোগ উত্থাপন হৈছিল ৷ যাৰ পাচত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়,ফলত চলিত বৰ্ষত অনুষ্ঠিত হৈ থকা ৰঞ্জী ট্ৰফীৰ পৰা বাহিৰ হ’ব লগা হৈছে খেলুৱৈগৰাকী ৷
বিচিচিআইৰ তথ্য অনুসৰি মানজৌত কালৰাৰ বয়স হৈছে 20 বছৰ 351 দিন ৷ বিগত সপ্তাহত দিল্লীৰ 23 অনুৰ্ধ্ব দলৰ হৈ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল খেলুৱৈগৰাকী ৷ মেচখনত 80 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছিল মানজৌতে ৷
এই সন্দৰ্ভত দিল্লী জিলা ক্ৰিকেট এশ্ব’ছিয়েচনৰ সাধাৰণ সম্পাদক বিনোদ টিহাৰাই উল্লেখ কৰে,এই ঘটনাই মোক আচম্বিত কৰিছে ৷ লোকপালৰ আদেশ অনুসৰি মনজৌত কালৰাৰ দণ্ডিত কৰা হৈছে ৷ যাৰ বাবে তেওঁক আমি দলত স্থান দিব নোৱাৰো ৷ ইপিনে কথিত ৰূপত নিতিশ ৰাণাও দোষী বুলি উল্লেখ কৰে সম্পাদকগৰাকীয়ে৷ বৰ্তমান পূৰ্বৰ লোকপালৰ সলনি নতুন লোকপাল গঠন হৈছে গতিকে এই বিষয়ে এতিয়া ন্যায়াধীশ দিপক বাৰ্মাই তদন্ত কৰাৰ সম্ভাৱনা আছে ৷ ইপিনে বয়সৰ খেলিমেলিৰ বাবে ছিনিয়ৰ স্তৰৰ ক্ৰিকেটৰ পৰা কিয় নিষেধাজ্ঞা আৰোপ কৰা হৈছে তাক লৈ উত্থাপন হৈছে প্ৰশ্ন ৷
বিনোদ টিহাৰাই লগতে কয়,কালৰাক ক্লাৱ ক্ৰিকেট খেলাৰ ওপৰত নিষেধজ্ঞা আৰোপ কৰা হৈছে ৷ এতিয়া যিহেতু নতুন লোকপাল গঠন হৈছে গতিকে খেলুৱৈগৰাকীৰ পিতৃ-মাতৃয়ে এই সিদ্ধান্ত সলনি কৰাৰ আহ্বান জনাব পাৰিব ৷ কিন্তু তেতিয়ালৈকে ৰঞ্জী ট্ৰফীৰ পৰা নিলম্বিত হৈ থাকিব লাগিব মনজৌত কালৰাক ৷
- লগতে চাওক- স্পৰ্টছ কেলেণ্ডাৰ 2020