ETV Bharat / sports

টেষ্ট ক্ৰিকেটত ভাৰতীয় বেটছমেনৰ শীৰ্ষ পাঁচটা সহযোগিতা

author img

By

Published : Apr 12, 2020, 5:20 PM IST

ক্ৰিকেটত সহযোগিতা অথবা পাৰ্টনাৰশ্বিপ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ । যদি সেইটো টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত কোৱা হয় তেন্তে সেইয়া আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠে । আজি চাও আহক টেষ্ট ক্ৰিকেটত ভাৰতীয় বেটছমেনৰ এনে শীৰ্ষ পাঁচটা সহযোগিতাৰ কথা-

Top 5 partnerships for India in Test cricket

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ শক্তিশালী বেটিং লাইন আপ অথবা বেটছমেনৰ বাবে তাহানিৰ পৰাই জনাজাত ভাৰতীয় ক্ৰিকেট দল । ভাৰতৰ ক্ৰিকেটৰ ইতিহাসত বহু মহানতম বেটছমেন লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে । এটা সময়ত শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, ৰাহুল দ্ৰাৱিড়, ভি.ভি.এছ লক্ষ্মণ, বিৰেন্দ্ৰ ছেহৱাগৰ দৰে খেলুৱৈ থকাৰ বিপৰীতে বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেটত আছে বিৰাট কোহলি, আজ্যিংকা ৰাহানে, চেতেশ্বৰ পূজাৰ দৰে খেলুৱৈ । টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ পাঁচটা শ্ৰেষ্ট সহযোগিতাৰ বিষয়ে জানো আহক-

৪১৩ ৰান, পংকজ ৰয় আৰু বিনোদ মানকাডৰ মাজত, (১৯৫৬)

  • ৪১৩ ৰান, পংকজ ৰয় আৰু বিনোদ মানকাডৰ মাজত, (১৯৫৬)

১৯৫৬ চনত ক্ৰিকেটৰ ইতিহাসত এক সোণালী অধ্যায় লিখিবলৈ সক্ষম হৈছিল ভাৰতীয় ক্ৰিকেটে । নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এখন মেচত ভাৰতৰ হৈ পংকজ ৰয় আৰু বিনোদ মানকাডে প্ৰথম উইকেটৰ বাবাদ ৪১৩ ৰানৰ সহযোগিতা কৰি অভিলেখ ৰচিবলৈ সক্ষম হৈছিল । উল্লেখ্য যে, সুদীৰ্ঘ ৫২ বছৰলৈ এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হোৱা নাছিল । পিচত ২০০৮ চনত দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ আৰু নেইল মেক্কেঞ্জিয়ে ভংগ কৰে এই অভিলেখ । ৰয়ে ১৭৩ কৰাৰ বিপৰীতে মানকাডে ২৩১ ৰান কৰিবলৈ সক্ষম হৈছিল । মেচখনত ভাৰতে ৩ উইকেট হেৰুৱাই ৫৩৭ ৰানৰ ইনিংছ ঘোষণা কৰিছিল । ভাৰতে ইনিংছ সহ ১০৯ ৰানত জয় লাভ কৰিছিল ।

৪১০ ৰান, বিৰেন্দ্ৰ ছেহৱাগ আৰু ৰাহুল দ্ৰাৱিড়ৰ মাজত (২০০৬)

  • ৪১০ ৰান, বিৰেন্দ্ৰ ছেহৱাগ আৰু ৰাহুল দ্ৰাৱিড়ৰ মাজত (২০০৬)

ভাৰতীয় টেষ্ট ক্ৰিকেটত লেখত ল'বলগীয়া আন এটা সহযোগিতা হৈছে ছেহৱাগ আৰু দ্ৰাৱিড়ৰ মাজত ২০০৬ চনত হোৱা ৪১০ ৰানৰ সহযোগিতা । পাকিস্তানৰ বিৰুদ্ধে লাহৰত এই কৃতিত্ব গঢ়িছিল দুই খেলুৱৈয়ে । মেচখনত পাকিস্তানে প্ৰথমে বেটিং কৰি ৭ উইকেট হেৰুৱাই ৬৭৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । মেচখনত পাকিস্তানৰ হৈ য়ুনিছ খান, মহম্মদ ইউছুফ, শ্বাহিদ আফ্ৰিদী আৰু কামৰাণ আকমলে শতক অৰ্জন কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ হৈ ছেহৱাগে ২৪৭ টা বলত ২৫৪ ৰান কৰিবলৈ সক্ষম হৈছিল । আনহাতে দ্ৰাবিড়ে অপৰাজিত ১২৮ ৰান সংগ্ৰহ কৰিছিল । দুয়োৰে মাজত ৪১০ ৰানৰ সহযোগিতা হৈছিল । মেচখন ড্ৰ'ত সমাপ্ত হয় ।

৩৭৬ ৰান, ভি.ভি.এছ লক্ষ্মণ আৰু দ্ৰাৱিড়ৰ মাজত (২০০১)

  • ৩৭৬ ৰান, ভি.ভি.এছ লক্ষ্মণ আৰু দ্ৰাৱিড়ৰ মাজত (২০০১)

ভাৰতীয় ক্ৰিকেট ইতিহাসৰ সহযোগিতাৰ ভিতৰত আটাইতকৈ স্মৰণীয় সহযোগিতাৰ ভিতৰত এক অন্যতম হৈছে কলকাতাৰ ইডেন গাৰ্ডনৰ ভি.ভি.এছ লক্ষ্মণ আৰু ৰাহুল দ্ৰাৱিড়ৰ মাজত হোৱা ৩৭৬ ৰানৰ সহযোগিতা । মেচখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে প্ৰথম ইনিংছত ১৭১ ৰানতে অল আউট হোৱাৰ পাচত অষ্ট্ৰেলিয়াই বিশাল ৪৪৫ ৰান কৰিবলৈ সক্ষম হৈছিল । ভাৰতৰ বাবে মেচখনত ইনিংছ সহ পৰাজয়ৰ সংকটে দেখা দিছিল । দ্বিতীয় ইনিংছত ভাৰতে ২৩২ ৰানত চাৰিটা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় । ইয়াৰ পাচতেই ভাৰতক সংকটৰ পৰা উদ্ধাৰ কৰে লক্ষ্মণ আৰু দ্ৰাৱিড়ে । মেচখনত লক্ষ্মণে ২৮১ ৰান কৰাৰ বিপৰীতে দ্ৰাৱিড় আৰু লক্ষ্মণৰ মাজত ৫ ম উইকেটৰ বাবে সহযোগিতা হয় ৩৭৬ ৰানৰ । ইয়াৰ বিনিময়তেই ভাৰতে মেচখনত শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ১৭১ ৰানত জয় লাভ কৰিবলৈ সক্ষম হয় । শক্তিশালী অষ্ট্ৰেলিয়া দলটোৰ বাবে এই পৰাজয় আছিল অতি শোচনীয় । ভাৰতে শৃংখলা ১-১ ৰ কৰা বিপৰীতে চেন্নাইত জয় লাভ কৰি ২-১ ত শৃংখলা নিজৰ নাম কৰে ।

৩৭০ ৰান, মুৰলী বিজয় আৰু চেতেশ্বৰ পূজাৰাৰ মাজত (২০১৩)

  • ৩৭০ ৰান, মুৰলী বিজয় আৰু চেতেশ্বৰ পূজাৰাৰ মাজত (২০১৩)

২০১৩ ঘৰুৱা টেষ্ট শৃংখলাত ৪-০ ত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰত । এই শৃংখলাৰ হায়দৰাবাদ টেষ্টতেই অভিলেখ গঢ়িছিল মুৰলী বিজয় আৰু চেতেশ্বৰ পূজাৰাই । মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছ ৯ উইকেটত ২৩৭ ৰানত ঘোষণা কৰাৰ পাচতেই ভাৰতে ১৭ ৰানতেই ছেহৱাগৰ উইকেট হেৰুৱাইছিল । পিচত মুৰলী বিজয় আৰু চেতেশ্বৰ পূজাৰৰ মাজত সহযোগিতা হয় ৩৭০ ৰানৰ । মেচখনত বিজয়ে ১৬৭ ৰান কৰাৰ বিপৰীতে পূজাৰাই দ্বি-শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

৩৬৫ ৰান, বিৰাট কোহলি আৰু আজ্যিংকা ৰাহানে, (২০১৬)

  • ৩৬৫ ৰান, বিৰাট কোহলি আৰু আজ্যিংকা ৰাহানে, (২০১৬)

ভাৰতীয় টেষ্ট ক্ৰিকেটত আন এটা সুন্দৰ সহযোগিতা হৈছে বিৰাট কোহলি আৰু আজ্যিংকা ৰাহানেৰ মাজত হোৱা ৩৬৫ ৰানৰ সহযোগিতা । ২০১৬ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত ইন্দোৰত এই বিশাল সহযোগিতা কৰিবলৈ সক্ষম হৈছিল দুই খেলুৱৈয়ে । চতুৰ্থ উইকেটৰ বাবে দুয়োৰে মাজত হোৱা এই ৩৬৫ ৰানৰ সহযোগিতা ভাৰতীয় ক্ৰিকেটৰ এক অভিলেখ । মেচখনত কোহলিয়ে ২১১ ৰান কৰাৰ বিপৰীতে ৰাহানে ১৮৮ ৰান কৰিবলৈ সক্ষম হৈছিল ।ভাৰতে মেচখন ৩২১ ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.