স্পৰ্টছ ডেস্ক, 3 জুনঃ ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ মাজত অহা জুলাই মাহত অনুষ্ঠিত হ'ব তিনিখন মেচৰ টেষ্ট শৃংখলা । ইতিমধ্যে এই শৃংখলাক লৈ অনুমতি প্ৰদান কৰিছে ক্ৰিকেট ৱেষ্ট ইণ্ডিজে । দৰ্শক বিহীন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই সমূহ মেচ । অৱশ্যে ব্ৰিটেইন চৰকাৰৰ পৰা মেচ অনুষ্ঠিত কৰিবলৈ অনুমতি লাভৰ ওপৰত এতিয়া এই শৃংখলাৰ আয়োজন বহু পৰিমাণে নিৰ্ভৰ কৰিছে ।
কিন্তু শেহতীয়াকৈ এই শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণলৈ যোৱাৰ বাবে অসন্মতি প্ৰকাশ কৰাৰ কথা পোহৰলৈ আহিছে ৱেষ্ট ইণ্ডিজৰ তিনি খেলুৱৈৰ । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তিনি খেলুৱৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । বৰ্তমান লৈকে এই তিনিগৰাকী খেলুৱৈ কোন জানিব পৰা হোৱা নাই ।
ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ অনুসৰি ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত অহা জুলাই মাহত তিনিখন মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হ'ব । 8 জুলাইৰ পৰা আৰম্ভ হ'ব শৃংখলাৰ প্ৰথমখন মেচ ।
লগতে চাওকঃ পদপথৰ জীৱ-জন্তুক খাদ্য যোগান ধৰা মহিলালৈ ৰাষ্ট্রীয় বঁটা