ETV Bharat / sports

ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি : সন্ত্ৰাসবিৰোধী স্কোৱাডে আটক কৰিলে এজনক

author img

By

Published : Aug 23, 2019, 7:30 PM IST

ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা এজন লোকক অসমৰ পৰা আটক কৰিছে মুম্বাইৰ সন্ত্ৰাসবিৰোধী স্কোৱাডে (ATS) ৷ ব্ৰজ মোহন দাস নামৰ লোকজনক মৰিগাঁও জিলাৰ শান্তিপুৰৰ পৰা আটক কৰা হৈছে ৷

বিচিচিআই

স্পৰ্টছ ডেস্ক, 23 আগষ্ট : মুম্বাইৰ সন্ত্ৰাসবিৰোধী স্কোৱাডে (ATS) ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা এজন লোকক অসমৰ পৰা আটক কৰিছে ৷ ব্ৰজ মোহন দাস নামৰ লোকজনক মৰিগাঁও জিলাৰ শান্তিপুৰৰ পৰা আটক কৰা হৈছে ৷ অসম আৰক্ষীৰ সহযোগত সন্ত্ৰাসবিৰোধী স্কোৱাডে অনুসন্ধান চলাই লোকজনৰ অৱস্থিতি ধৰা পেলোৱাৰ লগতে আটক কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, আগষ্টৰ 16 তাৰিখে ভাৰতীয় ক্ৰিকেট ব'ৰ্ডে লাভ কৰা এক ই-মেইলত ভাৰতীয় ক্ৰিকেটাৰত হত্যা ভাবুকি প্ৰেৰণ কৰিছিল ব্ৰজ মোহন দাসে ৷ ইয়াৰ পাছতে সন্ত্ৰাসবিৰোধী স্কোৱাডৰ এটা দল ততাতৈয়াকৈ অসমত আহি উপস্থিত হয় ৷ আগষ্টৰ 20 তাৰিখে লোকজনক তেওঁৰ ঘৰৰ পৰা আটক কৰা হয় ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.