স্পৰ্টছ ডেস্ক, ১১ মে': ভাৰতীয় ক্ৰিকেট দলৰ ফিল্ডাৰৰ সন্দৰ্ভত শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এসময়ৰ ভাৰতীয় দলৰ শ্ৰেষ্ঠ ফিল্ডাৰৰ ভিতৰত নাম সন্নিৱিষ্ট হৈ থকা প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাইফে । কাইফে কৈছে ভাৰতীয় দলত বৰ্তমান বহু ভাল ফিল্ডাৰ আছে কিন্তু কোনো এজনেই যুৱৰাজ সিং অথবা মোৰ দৰে সম্পূৰ্ণ (complete package) ফিল্ডাৰ নহয় ।
তেওঁলোকৰ সময়ত আৰু এতিয়াৰ সময়ত ফিল্ডিঙৰ মানদণ্ড সন্দৰ্ভত কাইফে কয়, এটা পৰিপূৰ্ণ ফিল্ডাৰৰ বাবে আপুনি ভাল কেট্ছ ধৰিব পৰা হ'ব লাগিব । থ্ৰ' কৰি উইকেটত হীট কৰিবলৈ সক্ষম হ'ব লাগিব । দ্ৰুতবেগত দৌৰিব পৰা হ'ব লাগিব । লৰ-চৰ কৰি থকা বল শুদ্ধ কৌশলত ধৰিব পৰা জ্ঞান থাকিব লাগিব । এটা YouTube চেনেলত এনেদৰে উল্লেখ কৰে কাইফে ।
ইয়াৰ লগতে কাইফে উল্লেখ কৰে যেতিয়া আমি খেলি আছিলো যুৱৰাজ আৰু মই এজন ভাল ফিল্ডাৰ হিচাপে চিনাক্ত হৈছিলো । আজি ভাৰতীয় দলত বহু কেইজন ভাল ফিল্ডাৰ বিচাৰি পাব কিন্তু মই ভাৱো কোনো এজন নাই যিজন ফিল্ডাৰ হিচাপে পৰিপূৰ্ণ ।
যিজন খেলুৱৈয়ে শ্লীপত কেট্ছ ধৰিবলৈ সক্ষম, তেওঁ শ্বৰ্ট লেগতো কেট্ছ ল'ব পাৰিব, তেওঁ লং অন বাউণ্ডেৰীটো দ্ৰুত বেগত ফিল্ডিং কৰিব পাৰিব । সেইটো পেকেজ মোৰ বোধে বৰ্তমান অভাৱ বুলি কাইফে কয় ।
কাইফে ইয়াৰ লগতে ৩৯ বছৰীয়া ৰবিন্দ্ৰ জাডেজা এই বসয়তো যথেষ্ট ভাল ফিল্ডাৰ বুলি কয় কিন্তু ভাৰতীয় শ্লীপ কেট্ছিং এতিয়াও বঞ্চিত হৈ আছে বুলি উল্লেখ কৰে ।
আনহাতে বিৰাট আৰু ৰোহিত সন্দৰ্ভতো কাইফে মন্তব্য কৰে । কাইফে কয়, যদি একেখন চহৰত দুখন মেচ অনুষ্ঠিত হৈ আছে আৰু এখনত কোহলি আৰু এখনত ৰোহিত বেটিং কৰিবলৈ আহিছে তেন্তে মই ৰোহিত শৰ্মাৰ বৈশিষ্টপূৰ্ণ মেচখনলৈ যাম ।
নিঃসন্দেহ, টেষ্ট, এদিনীয়া ক্ৰিকেটত বিৰাট কোহলিৰ আশ্চৰ্যকৰ অভিলেখ আছে । কিন্তু ৰোহিতৰ কাষত এজন বলাৰৰ সন্মুখিন হ'বলৈ বহু সময় থাকে । তেওঁ এনে এগৰাকী বেটছমেন যিয়ে বলাৰৰ মনত আক্ৰমণ কৰিছে বুলি চিন্তা নোহোৱাকৈয়ে আক্ৰমণ কৰিবলৈ সক্ষম ।