স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : অষ্ট্ৰেলিয়াত উপস্থিত হ'ল ভাৰতীয় ক্ৰিকেট দল ৷ 27 নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভ হ'বলগা ক্ৰিকেটৰ তিনিওটা ফৰমেটতে অংশগ্ৰহণৰ বাবে এক দীঘলীয়া সময়ৰ বাবে উৰা মাৰিলে ভাৰতীয় দলটোৱে ৷

আইপিএলত অংশগ্ৰহণ কৰাৰ পাচতে বুধবাৰে ডুবাইৰ পৰাই পিপিই কিট আৰু মাস্ক পৰিধান কৰি ভাৰতীয় দলটো অষ্ট্ৰেলিয়ালৈ উৰা মাৰে ৷ ভাৰতীয় দলৰ লগতে আইপিএলত অংশগ্ৰহণ কৰা অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ খেলুৱৈ ষ্টিভ স্মিথ, ডেভিদ ৱাৰ্ণাৰো আৰু অন্য খেলুৱৈসকল অষ্ট্ৰেলিয়াত উপস্থিত হয় ৷

ইয়াৰ পাচতে খেলুৱৈসকলে বাধ্যতামূলক দুই সপ্তাহৰ কোৱাৰান্টাইনত কটাব লাগিব ৷ উল্লেখ্য যে, দুয়ো দলে তিনিখন এদিনীয়া, তিনিখন টি-20 আৰু চাৰিখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷
লগতে পঢ়ক : আইপিএল, 2020 ত সৰ্বাধিক ডট বল দিয়া বলাৰ বুমৰাহ আৰু আৰ্চাৰ