ETV Bharat / sports

মহিলা টি-২০ চেলেঞ্জৰ চেম্পিয়ন 'ছুপাৰনভাছ' - হৰমনপ্ৰীত কৌৰ

অধিনায়ক হৰমনপ্ৰীত কৌৰৰ অৰ্ধশতকৰ বিনিময়ত মহিলা টি-২০ চেলেঞ্জৰ চেম্পিয়ন হ'ল ছুপাৰনভাছ । ৪ উইকেটত জয় লাভ দলটোৰ ।

মহিলা টি-২০ চেলেঞ্জৰ চেম্পিয়ন 'ছুপাৰনভাছ'
author img

By

Published : May 12, 2019, 10:21 AM IST

স্পৰ্টছ ডেস্ক, ১২ মে': শনিবাৰে মহিলা টি-২০ চেলেঞ্জ ২০১৯ৰ চূড়ান্ত মেচত জয় লাভ কৰি চেম্পিয়নৰ খিতাপ দখল কৰিলে ছুপাৰনভাছ মহিলা ক্ৰিকেট দলটোৱে । ভেলচিটি দলক পৰাস্ত কৰি এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় হৰমনপ্ৰীত নেতৃত্বাধীন ছুপাৰনভাছ দলটোৱে ।

etv bharat
মহিলা টি-২০ চেলেঞ্জ

খেলখনত ছুপাৰনভাছ দলটোৱে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ছুপাৰনভাছ দলটোৰ আমন্ত্ৰণ মৰ্মে বেটিং কৰিবলৈ আহি নিৰ্ধাৰতি ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১২১ ৰান সংগ্ৰহ কৰে মিথালী ৰাজ নেতৃত্বাধীন ভেলচিটি দলটোৱে। ভেলচিটি দলটোৰ হৈ সুষমা বৰ্মাই সৰ্বাধিক ৪০ ৰান কৰাৰ লগতে অমেলিয়া কেৰে কৰে ৩৬ ৰান । ১২২ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি ছুপাৰনভাছ দলটোৱে ১৯ অভাৰৰ শেষৰটো বলত ৬ উইকেটৰ বিনিময়ত লক্ষ্যত উপনীত হৈ খিতাপ দখল কৰিবলৈ সক্ষম হয় । দলটোৰ হৈ সৰ্বাধিক ৫১ ৰান সংগ্ৰহ কৰে হৰমনপ্ৰীত কৌৰে । খেলখনত হৰমনপ্ৰীত কৌৰ'প্লেয়াৰ অফ দ্য় মেচ' ঘোষণা কৰাৰ বিপৰীতে 'প্লেয়াৰ অফ দ্য ছিৰিজ' লাভ কৰে জেমিমাহ ৰড্ৰিগেজে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.