স্পৰ্টছ ডেস্ক, 6 মাৰ্চঃ পত্নীৰ বিশ্বকাপৰ মেচ উভভোগ কৰিবলৈয়ে আধাতে দক্ষিণ আফ্ৰিকা ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত মিটচেল ষ্ট্ৰাকৰ ৷ ভাৰত আৰু অষ্ট্ৰলিয়াৰ মাজত অহা 8 মাৰ্চত অনুষ্ঠিত হ’ব আইচিচি মহিলা টি-20 বিশ্বকাপ ৷ এই চূড়ান্ত মেচত অষ্ট্ৰেলিয়া দলটোৰ হৈ সক্ৰিয় খেলুৱৈ হিচাপে অৱতীৰ্ণ হ’ব মিটচেল ষ্ট্ৰাকৰ পত্নী এলিছা হিলী ৷ যাৰ বাবে দক্ষিণ আফ্ৰিকাৰ ভ্ৰমণৰ আধাতে বাদ দি অষ্ট্ৰেলিয়ালৈ ঘূৰি আহিব মিটচেল ষ্ট্ৰাক ৷

এই সন্দৰ্ভত ক্ৰিকেট অষ্ট্ৰেলিয়াৰ আনুষ্ঠানিক ৱেব চাইটত প্ৰশিক্ষক জাষ্টিন লেংগৰে কয়, ষ্ট্ৰাকৰ জীৱনত এইয়া এবাৰেই আহিবলগীয়া ক্ষণ, গতিকে তেওঁক উভতি যোৱাৰ অনুমতি দিবলৈ আমি সাজু ৷

উল্লেখ্য যে, শৃংখলাত 2-0 ব্যৱধানত পিচ পৰি আছে অষ্ট্ৰেলিয়া দলটো ৷ মিটচেল ষ্ট্ৰাকৰ অনুপস্থিতিত অষ্ট্ৰেলিয়া দলত জ’ছ হেজেলৱুড, ঝায় ৰিচাৰ্ডচন অথবা কেন ৰিচাৰ্ডচনক দলত স্থান দিয়াৰ সম্ভাৱনা আছে ৷