ETV Bharat / sports

মাস্ক অবিহনে নিজ সমষ্টিত সাহাৰ্য বিতৰণ সিধুৰ

author img

By

Published : Apr 18, 2020, 10:41 PM IST

বিনা মাস্কেৰে প্ৰত্যক্ষ কৰা হ'ল প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ৰাজনীতিবিদ নৱজোৎ সিং সিধুক ৷ মাস্কৰ অবিহনে তেওঁ নিজ সমষ্টিত বিতৰণ কৰিছিল সাহাৰ্য ৷

প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ ৰাজনীতিবিদ
মাস্ক অবিহনে নিজ সমষ্টিত সাহাৰ্য বিতৰণ সিধুৰ

নেশ্যনেল ডেস্ক, 18 এপ্ৰিল : পাঞ্জাৱত কংগ্ৰেছ দলে সামূহিক স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ পাচতো প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ ৰাজনীতিবিদ নৱজোৎ সিং সিধুক মাস্ক অবিহনে প্ৰত্যক্ষ কৰা হল ৷ কৰ'ণা ভাইৰাছৰ এই সংকটৰ সময়ছোৱাত দুখীয়া লোকক সাহাৰ্য প্ৰদানৰ বাবে যোৱা সময়ত সাধাৰণ লোক আৰু স্বাস্থ্যকৰ্মীৰ সৈতে মাস্ক অবিহনে মিলিত হোৱা দেখা গ'ল সিধুক ৷

অমৃতসৰ পূৱ সমষ্টিত দুখীয়া লোকৰ মাজত ৰেচন আৰু অন্যান্য সামগ্ৰী বিতৰণ কৰি থকা সময়ত তেওঁক এনেদৰে প্ৰত্যক্ষ কৰা হয় ৷

সমষ্টিটোত ভ্ৰমণ কৰা এই সময়ছোৱাত সিধুৰ লগতে তেওঁৰ সুৰক্ষা কৰ্মী আৰু সমৰ্থকসকলেও মাস্ক পৰিধান কৰা নাছিল ৷

উল্লেখ্য যে, শুকুৰবাৰে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে সামূহিক স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ এই নিৰ্দেশ অমান্য কৰাসকলক জৰিমনা বিহাৰ লগতে অন্য কঠোৰ শাস্তি প্ৰদান কৰিবলৈও নিৰ্দেশ জাৰি কৰা হৈছিল ৷

কিন্তু, শনিবাৰে 'জীতেগা পাঞ্জাৱ' নামেৰে সিধুয়ে ফেচবুক পেজত এক ভিডিঅ' পোষ্ট কৰিছিল আৰু এই ভিডিঅ'ত তেওঁ পৰিধান কৰিছিল মাস্ক ৷ ইয়াৰোপৰি, ভিডিঅ'টোত তেওঁ এখন চৰকাৰী হাস্পতালত উপস্থিত হৈ চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলৰ সৈতে ভাৱ বিনিময় কৰাৰ লগতে মানি চলিছিল সামাজিক দূৰত্ব ৷

এটা ভিডিঅ'ত সিধুয়ে সকলোকে সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাইছিল যদিও তেওঁৰ কিছুসংখ্যক সমৰ্থকে তেওঁৰ ভৰি চুই সেৱা কৰাও পৰিলক্ষিত হৈছিল ৷

এই সমগ্ৰ ঘটনাৰ পাচতে নিজকে নিৰ্দোষী প্ৰমাণিত কৰিবৰ বাবে সিধুয়ে WHO ৰ অধ্যক্ষ তেড্ৰছ আধানমৰ উদ্ধৃতি দি কয় যে, বিশ্ব স্বাস্থ্য সংস্থাই মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.