ETV Bharat / sports

যোৱা 10 বছৰত ক্ৰিকেটক 'সফলতাৰে' বিধস্ত কৰিলে আইচিচিয়ে : ছোৱেইব আখটাৰ

সঞ্জয় মাঞ্জৰেকাৰৰ সৈতে ছোৱেইব আখটাৰৰ ভিডিঅ' কনফাৰেন্স ৷ আইচিচিক সমালোচনা আখটাৰৰ ৷ আইচিচিয়ে ক্ৰিকেটক বিধস্ত কৰা বুলি মন্তব্য আখটাৰৰ ৷

ছোৱেইব আখটাৰ
আইচিচিক সমালোচনা আখটাৰৰ
author img

By

Published : May 27, 2020, 4:06 PM IST

স্পৰ্টছ ডেস্ক, 27 মে': প্ৰাক্তন পাকিস্তানী পেচাৰ ছোৱেইব আখটাৰে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদক (ICC) সমালোচনা আগবঢ়াইছে ৷ তেওঁ কয় যে, আইচিচিয়ে যোৱা 10 বছৰত 'সফলতাৰে' ক্ৰিকেটক ধংস কৰিলে ৷ এক ভিডিঅ'ৰ জৰিয়তে হোৱাইট বল ক্ৰিকেটত ফাষ্ট বলাৰৰ বাবে বাউন্সাৰ নিয়মাৱলী সম্পৰ্কতো ক্ষোভ প্ৰকাশ কৰে আখটাৰে ৷

ছোৱেইব আখটাৰ
আইচিচিক সমালোচনা আখটাৰৰ

আখটাৰে সঞ্জয় মাঞ্জৰেকাৰক কয়, "আইচিচিয়ে ক্ৰিকেটক ধংস কৰিলে আৰু সফলতাৰে এই কামত জয়ী হ'ল ৷ মই খোলাকৈ ক'ম যে, যোৱা 10 বছৰত আইচিচিয়ে সফলতাৰে ক্ৰিকেটক ইচ্ছাকৃত ভাৱে ধংস কৰিলে ৷"

ৰাৱলপিণ্ডি এক্সপ্ৰেছ খ্যাত খেলুৱৈগৰাকীয়ে বিশ্বাস কৰে যে, এটা অ'ভাৰত বাউন্সাৰৰ সংখ্যা বৃদ্ধি কৰিব লাগে যিহেতু সীমিত অভাৰৰ মেচত এটা অ'ভাৰত দুটাহে বাউন্সাৰ দিব পাৰি ৷ তেওঁ কয়, "মই 10 বছৰে কৈ আহিছো যে, তেওঁলোকে ফাষ্ট বলাৰৰ বাবে বাউন্সাৰ নীতিৰ পৰিৱৰ্তন কৰিব লাগে ৷"

আইচিচি
আইচিচিক সমালোচনা আখটাৰৰ

আখটাৰে লগতে কয় যে, ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে বিশ্বৰ শীৰ্ষ স্থানৰ বলাৰৰ বিপক্ষে খেলাটো তেওঁ আশা কৰে ৷ তেওঁ কয়, "মই সঁচাকৈ বিচাৰো বিৰাট কোহলীয়ে ৱাছিম আক্ৰাম, ৱাকাৰ ইউনিছ, শ্বেন ৱাৰ্ণৰ বিপক্ষে প্ৰদৰ্শন আগবঢ়াব লাগিছিল, তেতিয়া বিৰাটে প্ৰত্যাহ্বানত সঁচাকৈয়ে আনন্দ লাভ কৰিলেহেঁতেন ৷"

উল্লেখ্য যে, আখটাৰে পাকিস্তানৰ হৈ 224 খন আন্তৰাষ্ট্ৰীয় মেচত অৱতীৰ্ণ হোৱাৰ লগতে 444 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে ৷ যোৱা সপ্তাহত আইচিচিয়ে জনাইছিল যে, ক্ৰিকেট মেচসমূহ পুনৰ আৰম্ভ কৰা হ'ব আৰু কিছু সময়ৰ ভ্ৰমণৰ বাবে চাৰ্টাৰ্ড বিমানৰ ব্যৱহাৰ কৰা হ'ব ৷ ইয়াৰোপৰি, আইচিচিয়ে কৈছিল যে, আন্তৰাষ্ট্ৰীয় দলসমূহে লগত এজন চিকিৎসক ৰখাৰ প্ৰয়োজন আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.