ETV Bharat / sports

তৃতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত,আঘাতপ্ৰাপ্ত কুলদ্বীপ যাদৱ - ভাৰত বনাম দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শনিবাৰৰ পৰা অনুষ্ঠিত হ’ব তৃতীয়খন টেষ্ট মেচ ৷ মেচৰ পূৰ্বেই আঘাতৰ সন্মুখীন হ’ল কুলদ্বীপ যাদৱ ৷ শ্বাহবাজ নদীমক দলত অন্তৰ্ভুক্তি ৷

তৃতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত, আঘাতপ্ৰাপ্ত কুলদ্বীপ যাদৱ
author img

By

Published : Oct 18, 2019, 11:52 PM IST

স্পৰ্টছ ডেস্ক,18 অক্টোবৰ: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ শনিবাৰে ৰাঁচীৰ জে এছ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অন্তিমখন মেচ ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাত ক্লীন চুইপ কৰাৰ সুন্দৰ সুযোগ আহি পৰিছে বিৰাট বাহিনী নেতৃত্বাধীন দলটোলৈ ৷ অৱশ্যে মেচখনৰ পূৰ্বেই ভাৰতীয় দলটোৰ বাবে দুখবৰ ৷ আঘাতপ্ৰাপ্ত হ’ল চাইনা মেন নামে খ্যাত কুলদ্বীপ যাদৱ ৷ কুলদ্বীপে শুকুৰবাৰে বাঁও ফালৰ কান্ধত আঘাতৰ অনুভৱ ব্যক্ত কৰিছিল ৷ কুলদ্বীপৰ স্থানত বাঁওহাতৰ স্পিনাৰ শ্বাহবাজ নদীমক দলত স্থান দিয়া হৈছে ৷

কুলদ্বীপ যাদৱ
কুলদ্বীপ যাদৱ

15 জনীয়া ভাৰতীয় দলটোত আছে- বিৰাট কোহলি (অঃ),অজ্যিংকা ৰাহানে (সঃঅঃ),ৰোহিত শৰ্মা,ময়ংক আগৰৱালা,চেতেশ্বৰ পূজাৰা,হনুমা বিহাৰী,ৰবিচন্দ্ৰন আশ্বিন,ৰবিন্দ্ৰ জাডেজা,ঋদ্ধিমান শ্বাহা (উইকেটকীপাৰ),ইশান্ত শৰ্মা,মহম্মদ ছামী,উমেশ যাদৱ,শুভমন গিল,কুলদ্বীপ যাদৱ, ঋষভ পন্ত আৰু শ্বাহবাজ নদীম ৷

Intro:কোকৰাঝাৰতো কাতি বিহু (কাটি গাছা) পালন

আজি কাতি বিহু । অসমীয়া বাপতি সাহোন তিনি বিহুৰ অন্যতম কাতি তথা কঙালী বিহু ।সমগ্ৰ ৰাজ্যৰ লগতে বি টি এ ডিৰ মূখ্য সদৰ কোকৰাঝাৰতো পালন কৰা হল কাতি বিহু ( কাটি গাছা)। আহিন মাহৰ শেষ দিনা পালন কৰা কাতি বিহু কৃষি জিৱি ৰাইজৰ অতি শ্ৰদ্ধাৰ আৰু আদৰ সহকাৰে পালন কৰে ।

Body:অসমৰ অন্য জনগোষ্ঠীৰ দৰে বড়ো জনগোষ্ঠীও প্ৰাচীন কালৰ পৰা কাটি বিহুক "কাটি গাছা" উৎসৱ নামৰে পালন কৰি আহিছে।

আহিনৰ শেষ দিনটো বড়ো লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে। কৃষিজীৱী জনতাই কাতি বিহু (কাটি গাছা) কো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে সাৱটি লৈছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড় ভাৱে জড়িত হৈ আছে।
কাতি বিহু উপলক্ষে বড়ো আই মাতৃ সকলে প্ৰতিঘৰৰ ঘৰ – দুৱাৰ, আলি – পদূলি, পৰিষ্কাৰ – পৰিচ্ছন্ন কৰে। ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি লয়। সন্ধিয়া হোৱাৰ লগে লগে কোকৰাঝাৰ আদাবাৰী সেউজীয়া ধাননি পথাৰত বন্তি – প্ৰজ্বলন কৰে আই মাতৃ সকলে । Conclusion:পথাৰত ওখকৈ বাঁহৰ জোঁজ পুতি চাকি জ্বলাই শস্যৰ মংগল কামনা কৰে আৰু লখিমী আইলৈ বুলি উচৰ্গা কৰে। লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই এনেদৰে কৃষকে এই নিয়ম পালন কৰি আহিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.