ETV Bharat / sports

বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাৰ পৰা বাহিৰ হ’ব পাৰে ঋষভ পন্ত - বাংলাদেশ

বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাৰ পৰা বাহিৰ হ’ব পাৰে ঋষভ পন্ত ৷ পন্তৰ স্থানত সঞ্জু ছেমচনক স্থান দিয়াৰ সম্ভাৱনা ৷ অহা 24 অক্টোবৰত এই শৃংখলাৰ বাবে ঘোষণা কৰা হ’ব ভাৰতীয় দলৰ ৷

বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাৰ পৰা বাহিৰ হ’ব পাৰে ঋষভ পন্ত
author img

By

Published : Oct 20, 2019, 10:02 PM IST

স্পৰ্টছ ডেস্ক, 20 অক্টোবৰ: অহা 3 অক্টোবৰৰ পৰা বাংলাদেশৰ বিৰুদ্ধে তিনিখন মেচৰ টি-20 শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰত ৷ ইতিমধ্যে এই শৃংখলাত বিশ্ৰাম দিয়াৰ কথা উল্লেখ কৰা হৈছে বিৰাট কোহলিক ৷ ফলত এই শৃংখলাৰ বাবে বহু যুৱ খেলুৱৈক স্থান দিয়াৰ সম্ভাৱনা আছে ৷ আনহাতে ঋষভ পন্তৰ স্থানত সঞ্জু ছেমচনক দলত স্থান দিয়াৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈছে ৷ ঋষভ পন্তৰ দুৰ্বল প্ৰদৰ্শন তথা দায়িত্বহীনতা খেলৰ বাবেই বাহিৰ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে সঞ্জু ছেমচনৰ বিজয় হাজাৰে ট্ৰফীত দ্বি-শতক অৰ্জন কৰি প্ৰবল দাবীদাৰ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, যোৱা এটা বছৰে ভাৰতীয় দলৰ নিয়মিত সদস্য হিচাপে স্থান লাভ কৰি আহিছে পন্তে ৷ শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-20ত কেৱল 23 ৰান কৰিবলৈ সক্ষম হৈছিল পন্তে ৷ দায়িত্বহীনতা খেলৰ বাবেই দীৰ্ঘদিন ধৰি যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে খেলুৱৈগৰাকী ৷ 3 নৱেম্বৰ পৰা আৰম্ভ হ’বলগীয়া টি-20 শৃংখলাৰ প্ৰথমখন মেচ দিল্লীত, দ্বিতীয়খন 7 নৱেম্বৰত ৰাজকোটত আৰু অন্তিমখন মেচ 10 নৱেম্বৰত নাগপুৰত অনুষ্ঠিত হ’ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.