স্পৰ্টছ ডেস্ক, 11 জুনঃ আইচিচিৰ দ্বাৰা বলত থু অথবা চালাইভাৰ নিষেধাজ্ঞাৰ ওপৰত শেহতীয়াকৈ মন্তব্য় প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন দিনেশ কাৰ্তিকে । কাৰ্তিকে কয়, চালাইভাৰ নিষেধাজ্ঞাই সীমিত অভাৰ ক্ৰিকেটত বিশেষ প্ৰভাৱ নেপেলাব যদিও টেষ্ট ক্ৰিকেটত ইয়াৰ প্ৰভাৱ বাৰুকৈ পৰিলক্ষিত হ'ব ।
আইচিচিয়ে শেহতীয়াকৈ ক্ৰিকেটত অন্তৱৰ্তীকালীন কিছুমান সাল-সলনিৰ কথা স্পষ্ট কৰে । য'ত অন্তৰ্ভুক্ত হৈ আছে বলত থুৰ ব্যৱহাৰ নিষিদ্ধ বিষয়টো ।
এই সন্দৰ্ভতেই আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কগৰাকীয়ে টি-20 আৰু এদিনীয়া ক্ৰিকেটত ইয়াৰ চিন্তাৰ কাৰণ নাই বুলি কয় যদিও পাঁচ দিনীয়া টেষ্ট মেচত বলাৰে ইয়াৰ বাবে কঠিন প্ৰত্য়াহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব বুলি মত পোষণ কৰে খেলুৱৈগৰাকীয়ে ।
আম্ফানত ক্ষতিগ্ৰস্থ লোকক সহায়ৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ উদ্যোগত "সহায়তা বাহন" আৰম্ভ কৰাৰ সময়ত সংবাদকৰ্মীৰ সৈতে ভিডিঅ' কনফেৰেঞ্চিঙত এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে যদি তৃতীয়বাৰৰ বাবে আইপিএলৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় তেন্তে সেইটো ঘূৰ্ণী বতাহ আম্ফানত প্ৰভাৱিত লোকক উচৰ্গা কৰিব বুলি কয় দলটোৰ অধিনায়ক দিনেশ কাৰ্তিকে ।
লগতে চাওকঃ ক্ষতিপূৰণৰ ব্যৱস্থা বাঘজানৰ ভুক্তভোগীলৈ:সৰ্বানন্দ সোণোৱাল