স্পৰ্টছ ডেস্ক, 19 জানুৱাৰীঃ বাংগালুৰুৰ এম. চিন্নাস্বামী ষ্টেডিয়ামত চলি থকা তৃতীয়খন এদিনীয়াত শতক অৰ্জন ৰোহিতৰ ৷ এদিনীয়া ক্ৰিকেটৰ 29 সংখ্যক শতক সম্পূৰ্ণ ৰোহিতৰ ৷ 110 টা বলত 8 টা চাৰি আৰু 5 টা ছয়ৰ সহায়ত এই শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে এইখন মেচতেই আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত 9000 ৰান সম্পূৰ্ণ কৰাৰ কৃতিত্বও অৰ্জন কৰে ৰোহিত শৰ্মাই ৷

আনহাতে এই মেচতেই বিৰাট কোহলিয়ে অধিনায়ক হিচাপে ভাৰতৰ হৈ দ্ৰুততম 5000 ৰান সম্পূৰ্ণ কৰে ৷ 82 টা ইনিংছত এই কৃতিত্ব লাভ কৰে কোহলিয়ে ৷ ইয়াৰ পূৰ্বে 127 টা ইনিংছেৰে ধোনীৰ নামত আছিল এই অভিলেখ ৷

ইয়াৰ পূৰ্বে স্মিথৰ শতকেৰে নিৰ্ধাৰিত 50 অভাৰত 9 উইকেট হেৰুৱাই 286 ৰান সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়াই ৷ শৃংখলা দখল কৰিবলৈ ভাৰতক জয়ৰ বাবে প্ৰয়োজন 287 ৰানৰ ৷ অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভ স্মিথে সৰ্বাধিক 131 ৰান কৰাৰ বিপৰীতে মাৰ্নোছ লাবুচেন অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল ৷ ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে সৰ্বাধিক 4 টা উইকেট দখল কৰে ৷