ETV Bharat / sports

বিদায় বেলাত ধোনীৰ প্ৰশংসাত পঞ্চমুখ হ'ল ৰোহিত, গাংগুলী

author img

By

Published : Aug 16, 2020, 2:10 PM IST

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ধোনীৰ ৷ বিভিন্ন মহলে প্ৰদান কৰিলে প্ৰতিক্ৰিয়া ৷

Rohit, Ganguly bid adiu to MS Dhoni
ধোনীৰ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰ

স্পৰ্টছ ডেস্ক, 16 আগষ্ট : প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে শনিবাৰে অৱসৰ ঘোষণা কৰাৰ পাচতে তেওঁক বিদায় জনাই ভাৰতৰ সীমিত অ'ভাৰৰ সহ-অধিনায়ক ৰোহিত শৰ্মাই ৷ "ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম প্ৰভাৱশালী ব্যক্তি" হিচাপে ধোনীক চিহ্নিত কৰে ৰোহিতে ৷

ধোনীৰ নেতৃত্বতে ৰোহিত শৰ্মাই হোৱাইট বল ক্ৰিকেটৰ মহান ক্ৰিকেটাৰ সকলৰ অন্যতম হোৱাৰ সুযোগ লাভ কৰিছিল ৷ ধোনীয়ে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লাভৰ পাচতে 2013 চনৰ চেম্পিয়নছ ট্ৰফীত ৰোহিতক অপেনিং কৰাৰ সুযোগ প্ৰদান কৰিছিল ৷

ইনষ্টাগ্ৰামৰ জৰিয়তে ধোনীয়ে কয়, "ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম প্ৰভাৱশালী ব্যক্তি ধোনী ৷ ক্ৰিকেটৰ বাহিৰে ভিতৰে তেওঁৰ প্ৰভাৱ অসীম ৷ তেওঁ এজন ভৱিষ্যদৰ্শী লোক আছিল আৰু এটা দল কিদৰে গঠন কৰিব লাগে জানিছিল ৷"

Rohit, Ganguly bid adiu to MS Dhoni
ধোনীৰ বিদায় জনালে ৰোহিত শৰ্মাই

ৰোহিতে লগতে কয়, "তেওঁক নীলা ৰঙত মনত পৰিব যদিও হালধীয়া ৰঙত দেখি থকাৰ সুযোগ লাভ কৰিম ৷ 19 তাৰিখে টছত লগ পাম ৷" উল্লেখ্য যে, আইপিএলৰ অপেনিং মেচতে ধোনীৰ নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ দল ৷

ৰোহিতে কয় যে, বিশ্বকাপ জয়ী অধিনায়কগৰাকীয়ে আইপিএলত খেলা অব্যাহত ৰাখিব বাবে তেওঁ সুখী ৷ ধোনীৰ লগতে 33 বৰ্ষীয় দূৰ্দান্ত ক্ৰিকেটাৰ সুৰেশ ৰাইনাইও অৱসৰ ঘোষণা কৰাত কিছু আচৰিত হৈ পৰে ৰোহিত ৷ এই সম্পৰ্কত ৰোহিতে কয়, "কিছু পৰিমাণে আশ্বৰ্যজনক হ'লেও মই ভাবো আপুনি সিদ্ধান্ত গ্ৰহণ কৰি লৈছে ৷ ভাল কেৰিয়াৰ ভাতৃ, অৱসৰ সুখৰ হওঁক, আমি দলত স্থান লাভ কৰা সময়ৰ সকলোবোৰ দিন এতিয়াও মনত আছে ৷ আগন্তুক সময়ৰ বাবে শুভেচ্ছা থাকিল ৷"

  • One of the most influential man in the history of Indian cricket👏His impact in & around cricket was massive. He was a man with vision and a master in knowing how to build a team. Will surely miss him in blue but we have him in yellow.

    See you on 19th at the toss @msdhoni 👍😁 pic.twitter.com/kR0Lt1QdhG

    — Rohit Sharma (@ImRo45) August 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ৰোহিতৰ লগতে ধোনীৰ অৱসৰ সম্পৰ্কত মন্তব্য আগবঢ়াই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ বৰ্তমানৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে ৷ শনিবাৰে অৱসৰ গ্ৰহণ কৰাৰ পাচতে ধোনীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে গাংগুলী৷

বিচিচিআইয়ে প্ৰকাশ কৰা এক চৰকাৰী বিবৃতিত গাংগুলীয়ে কয়, "এটা যুগৰ অন্ত পৰিল ৷ দেশ আৰু বিশ্বৰ বাবে এজন মহান ক্ৰিকেটাৰ আছিল তেওঁ ৷ বিশেষকৈ সীমিত অ'ভাৰৰ ফৰমেটত তেওঁৰ নেতৃত্বৰ কৌশল কাৰো সৈতে তুলনা কৰিব নোৱাৰি ৷ ক্ৰিকেট কেৰিয়াৰৰ আৰম্ভণিতে তেওঁৰ বেটিং কৌশলে সকলোকে আচৰিত কৰি তুলিছিল৷ সকলো ভাল বস্তুৰে অন্ত থাকে আৰু এয়া সৰ্বোৎকৃষ্ট ৷"

Rohit, Ganguly bid adiu to MS Dhoni
এটা যুগৰ অন্ত পৰিল বুলি মন্তব্য গাংগুলীৰ

তেওঁ লগতে কয়, "তেওঁ উইকেট কীপাৰৰ মান উচ্চ কৰি তুলিলে আৰু দেশৰ হৈ সাঁচ বহুৱাই গ'ল ৷ খেলপথাৰত সদায় অসন্তুষ্টিৰ অবিহনে তেওঁ অন্ত পেলায় ৷ মহান কেৰিয়াৰ গঢ়া এইগৰাকী ক্ৰিকেটাৰলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছো ৷"

Rohit, Ganguly bid adiu to MS Dhoni
ধোনী আৰু গাংগুলী

বিচিচিআইৰ সচিব জয় শ্বাহে ধোনীৰ এই অৱসৰ সন্দৰ্ভত এক চৰকাৰী বিবৃতি প্ৰকাশ কৰি কয়, "আধুনিক যুগৰ এজন মহান ক্ৰিকেটাৰ হ'ল ধোনী ৷ মই বুজি পাওঁ যে, এয়া ব্যক্তিগত সিদ্ধান্ত আৰু আমি ইয়াৰ সন্মান কৰো ৷ সকলোৱে মৰমত সম্ভাষণ জনোৱা 'মাহী'ৰ আন্তৰাষ্ট্ৰীয় কেৰিয়াৰ আসাধাৰণ ৷ তেওঁৰ অধিনায়কত্ব প্ৰেৰণাদায়ক আৰু প্ৰশংসাৰ যোগ্য ৷ তেওঁৰ যোগদানৰ পৰাই খেলৰ মানদণ্ড উন্নত হৈ আহিছে ৷ আইপিএল আৰু ভৱিষ্যতৰ বাবে তেওঁলৈ শুভকামনা প্ৰেৰণ কৰিলো ৷"

ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে শনিবাৰে 'স্কীপাৰ' মহেন্দ্ৰ সিং ধোনীৰ বাবে এক সুন্দৰ আৱেগিক নোট লিখি চ'ছিয়েল মিডিয়াৰ জৰিয়তে পোষ্ট কৰিছে৷ শনিবাৰে দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে ৷

কোহলীয়ে টুইটাৰৰ জৰিয়তে কয়, "প্ৰতিজন ক্ৰিকেটাৰৰ কেৰিয়াৰৰ এদিন অন্ত পৰে, কিন্তু অতি ওচৰৰ পৰা পোৱা কোনো লোকে অৱসৰৰ কথা ঘোষণা কৰিলে অধিক আৱেগিক হৈ পৰা যায় ৷ দেশলৈ আপোনাৰ অৱদানে সকলোৰে অন্তৰত স্থান পাব ৷"

তেওঁ লগতে কয়, "কিন্তু আপোনাৰ পৰা পোৱা সন্মান আৰু উষ্মা সদায় মোৰ সৈতে থাকিব ৷ বিশ্বই আপোনাৰ সফলতা দেখিছে, মই আপোনাক এজন মানুহ হিচাপে পাইছো ৷ সকলোৰে বাবে ধন্যবাদ অধিনায়ক ৷ মই আপোনাৰ ওচৰত শিৰণত কৰিছো @msdhoni৷"

লগতে পঢ়ক : ধোনীৰ বাবে বিদায়ী মেচ অনুষ্ঠিত কৰিবলৈ বিচিচিআইক অনুৰোধ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ

প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদীয়ে ধোনীক ভাৰতীয় ক্ৰিকেটৰ 'সঁচা কিংবদন্তি' বুলি মন্তব্য কৰে ৷ টুইটাৰৰ জৰিয়তে আফ্ৰিদীয়ে কয়, "ভাৰতীয় ক্ৰিকেটৰ সঁচা কিংবদন্তি আৰু অন্যতম শ্ৰেষ্ঠ অধিনায়ক এম. এছ. ধোনীক মহান কেৰিয়াৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো ৷ ভৱিষ্যতৰ বাবে অশেষ শুভেচ্ছা থাকিল ৷"

উল্লেখ্য যে, ইনষ্টাগ্ৰামৰ জৰিয়তে এক পোষ্ট শ্বেয়াৰ কৰি অৱসৰৰ কথা ঘোষণা কৰে ভাৰতৰ অন্যতম সফল অধিনায়কগৰাকীয়ে ৷ তেওঁ লিখে, "আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে ধন্যবাদ ৷ 19:29 সময়ৰ পৰাই মোক অৱসৰপ্ৰাপ্ত বুলি গ্ৰহণ কৰিব ৷"

পোষ্টৰ সৈতে ধোনীয়ে এক ভিডিঅ' শ্বেয়াৰ কৰে ৷ অমিতাভ বচ্চনৰ 'কভি কভি' চিনেমাৰ 'ম্যে পল দো পল কা শ্বায়ৰ' নামৰ গীতৰ সৈতে সংলগ্ন কৰি ভিডিঅ'টো পোষ্ট কৰে ধোনীয়ে ৷ ভিডিঅ'টোত তেওঁৰ কেৰিয়াৰৰ কিছু সংখ্যক গুৰুত্বপূৰ্ণ মেচৰ লগতে বিশ্বকাপ, 2019 ৰ ছেমিফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৰান আউট হোৱা দৃশ্যও অন্তৰ্ভূক্ত কৰে তেওঁ ৷

উল্লেখ্য যে, ধোনীৰ অৱসৰৰ কিছু মুহূৰ্ত পাচতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে তেওঁৰ সতীৰ্থ সুৰেশ ৰাইনাই ৷

উল্লেখ্য যে, আইচিচিৰ সকলো ট্ৰফী দখল কৰা বিশ্বৰ একমাত্ৰ অধিনায়ক হৈছে এম. এছ. ধোনী ৷ 'কেপ্টেইন কুল' হিচাপে সদা পৰিচিত উইকেট-কীপাৰ বেটছমেন ধোনী ক্ৰিকেটৰ পথাৰত শান্ত স্বভাৱৰ বাবে জনপ্ৰিয় ৷

ৰাঁছীত জন্মগ্ৰহণ কৰা ধোনীয়ে অবিভক্ত বিহাৰৰ পৰা ঘৰুৱা ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাইছিল ৷ তেওঁ ঘৰুৱা ক্ৰিকেটত বিহাৰ, পূৱ জ'ন আৰু ঝাৰখণ্ডক প্ৰতিনিধিত্ব কৰিছিল ৷ 39 বৰ্ষীয় ক্ৰিকেটাৰগৰাকীয়ে 131 খন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অংশগ্ৰহণ কৰি 36.84 গড়েৰে 7,038 ৰাণ সংগ্ৰহ কৰিছিল ৷

উল্লেখ্য যে, 2004 চনত ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ এদিনীয়া মেচত আত্মপ্ৰকাশ ঘটাইছিল আৰু তেতিয়াৰ পৰাই ভাৰতীয় ক্ৰিকেটত এক নতুন যুগৰ সূচনা হৈছিল ৷ নিজৰ শান্ত স্বভাৱ, নেতৃত্ব প্ৰদানকাৰী গুণ আৰু কঠিন প্ৰত্যাহ্বানক সহজে নেওচি মেচ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল দূৰ্দান্ত ক্ৰিকেটাৰগৰাকীয়ে ৷

বিশ্ব ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক হৈছে এম. এছ. ধোনী ৷ তেওঁৰ নেতৃত্বতে ভাৰতে 2011 চনত আইচিচি ক্ৰিকেট বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পূৰ্বে 2009 চনত তেওঁৰ নেতৃত্বতে ভাৰতে দক্ষিণ আফ্ৰিকাত টি-20 বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷

ইংলেণ্ডত ভাৰতে 2013 চনত আইচিচি চেম্পিয়নছ ট্ৰফী দখল কৰাত ধোনী আইচিচি ট্ৰফীৰ সকলো ফৰমেটত দেশক জয়ৰ সোৱাদ দিয়া প্ৰথম আৰু একমাত্ৰ অধিনায়ক হিচাপে পৰিগণিত হয় আৰু এই অভিলেখ বৰ্তমান পৰ্যন্ত কোনেও ভংগ কৰিবলৈ সক্ষম হোৱা নাই ৷

কেৱল সীমিত অ'ভাৰতে নহয়, তেওঁৰ নেতৃত্বতে ভাৰতে 2009 চনত টেষ্ট ক্ৰিকেটত বিশ্বৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰোপৰি ভাৰতীয় দলটোৱে 600 দিনতকৈ অধিক দিনৰ বাবে শীৰ্ষ স্থান দখল কৰিছিল ৷

তেওঁৰ নেতৃত্বত ভাৰতে 21 খন ঘৰুৱা টেষ্ট মেচত অপৰাজিত হৈ ৰৈছিল ৷ এয়া আছিল ভাৰতীয় অধিনায়ক হিচাপে ধোনীৰ অন্যতম অভিলেখ ৷ ইয়াৰোপৰি অধিনায়ক হিচাপে 332 খন মেচত নেতৃত্ব প্ৰদান কৰিও অভিলেখ স্থাপন কৰিছিল তেওঁ ৷

উইকেটৰ পাচফালেও কীপাৰ হিচাপে দূৰন্ত গতিৰ অধিকাৰী ধোনীৰ দখলত আছে 195 টা আন্তৰাষ্ট্ৰীয় ষ্টাম্পিং ৷ এয়া উইকেট কীপাৰ হিচাপেও তেওঁৰ অন্য এক অভিলেখ ৷

কেৰিয়াৰৰ অন্তিম সময়লৈকে তেওঁ 350 খন এদিনীয়াত অংশগ্ৰহণ কৰি 10,773 ৰাণ সংগ্ৰহ কৰিছে ৷ আনহাতে, তেওঁৰ সৰ্বাধিক স্কৰ হৈছে শ্ৰীলংকাৰ বিৰুদ্ধে অপৰাজিত 183 ৰাণ ৷ 98 খন টি-20 ত তেওঁ 37.60 গড়েৰে সংগ্ৰহ কৰিছে 1,617 ৰাণ ৷

'কেপ্টেইন কুল' হিচাপে খ্যাত ধোনীৰ ৰিভিউ চিষ্টেম সম্পৰ্কত থকা দখলৰ বাবে 'Decision-Review System's' ক 'Dhoni-Review System' হিচাপে নামাকৰণ কৰিবলৈও বহু লোকে খুহুতীয়া মন্তব্য আগবঢ়াইছিল ৷

2014 চনৰ ডিচেম্বৰত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি ঋধিমান সাহাক তেওঁৰ স্থানত সুযোগ প্ৰদান কৰিছিল ৷

90 খন টেষ্ট ক্ৰিকেটত অংশগ্ৰহণ কৰি ধোনীয়ে 38.09 গড়েৰে সংগ্ৰহ কৰিছে 4876 ৰাণ ৷ 2017 চনত 50 অ'ভাৰৰ মেচত তেওঁ অধিনায়কৰ গধুৰ দায়িত্ব বিৰাট কোহলীক প্ৰদান কৰে ৷

আইপিএলত চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজৰ অপেনিং মেচৰ জৰিয়তে 29 মাৰ্চত ধোনীয়ে ক্ৰিকেটৰ পথাৰলৈ উভতাৰ কথা আছিল যদিও কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে আইপিএল স্থগিত ৰাখিব লগা হয় ৷ আইপিএলৰ বাবে 19 ছেপ্টেম্বৰৰ পৰা নতুন দিন ধাৰ্য কৰা হৈছে ৷ আৰৱ গণৰাজ্যত অনুষ্ঠিত হ'বলগা আইপিএলত তেওঁ চেন্নাই দলক নেতৃত্ব প্ৰদান কৰিব ৷

লগতে পঢ়ক : 'স্কীপাৰ' ধোনীৰ বাবে আবেগিক নোট বিৰাট কোহলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.