স্পৰ্টছ ডেস্ক, 22 মাৰ্চ : ৰোড ছেফ্টী ৱৰ্ল্ড ছিৰিজৰ প্ৰথম সংস্কৰণৰ চেম্পিয়নৰ খিতাপ দখল কৰিছে ইণ্ডিয়া লিজেণ্ডছে ৷ শ্ৰীলংকা দলক 14 ৰাণত পৰাস্ত কৰি ভাৰতীয় দলে খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ দেওবাৰে নিশা শ্বহীদ বীৰ নাৰায়ন সিং আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল চূড়ান্ত প্ৰতিযোগিতা ৷
এম. এছ. ধোনীৰ নেতৃত্বত 2011 চনৰ বিশ্বকাপ ভাৰতীয় দলে দখল কৰা সেই সোণালী মুহূৰ্তৰ পুনৰাবৃত্তি ঘটে এই মেচত ৷ শ্ৰীংলকাৰ বিৰুদ্ধে ৰোড ছেফ্টী ৱৰ্ল্ড ছিৰিজৰ চূড়ান্ত মেচত শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ভাৰতীয় দলে 14 ৰাণত জয় সাব্যস্ত কৰে ৷
অল ৰাউণ্ডাৰ য়ুছুফ পাঠানে দলৰ জয়ত মূখ্য ভূমিকা পালন কৰে ৷ য়ুছুফ পাঠানে 62 ৰাণৰ ইনিংছ উপহাৰ দিয়াৰ উপৰি 26 ৰাণ দি দুটাকৈ উইকেট দখল কৰে ৷ ফলত নিৰ্ধাৰিত 20 অ'ভাৰত ভাৰতে গঢ়ি দিয়া 182 ৰাণৰ লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাই 7 উইকেট হেৰুৱাই 167 ৰাণ সংগ্ৰহ কৰে ৷
শ্ৰীলংকাৰ হৈ সনথ জয়সূৰ্যই সৰ্বাধিক 43 ৰাণ সংগ্ৰহ কৰে ৷ আনহাতে, অধিনায়ক তিলকৰত্নে দিলছানে কেৱল 21 ৰাণ সংগ্ৰহ কৰে ৷
ইয়াৰ পূৰ্বে ভাৰতে বেটিং কৰি যুৱৰাজ সিং আৰু য়ুছুফ পাঠানৰ অৰ্ধ শতকেৰে 20 অ'ভাৰত 4 উইকেট হেৰুৱাই 181 ৰাণ সংগ্ৰহ কৰে ৷
যুৱৰাজে চাৰিটা চাৰি আৰু চাৰিটা ছয়েৰে 41 বলত 60 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে য়ুছুফে চাৰিটা চাৰি আৰু পাঁচটা ছয়েৰে 36 বলত 62 ৰাণ সংগ্ৰহ কৰে ৷
ইয়াৰোপৰি, শচীন তেণ্ডুলকাৰে পাঁচটা চাৰিৰে 30 ৰাণ সংগ্ৰহ কৰে ৷ শ্ৰীলংকাৰ হৈ ৰংগানা হেৰাথ, সনথ জয়সূৰ্য, ফাৰভিজ মাহাৰুফ আৰু কৌশল্যা বিবাৰত্নেই এটাকৈ উইকেট দখল কৰে ৷
টুৰ্ণামেন্টৰ সৰ্বাধিক উইকেট দখলকাৰী তথা শ্ৰীলংকাৰ মেচ উইনাৰ দিলছানে এটাও উইকেট দখল কৰিবলৈ সক্ষম নহয় ৷ দুই অ'ভাৰত 25 ৰাণ দিয়ে দিলছানে ৷
ইনিংছত ভাৰতে আশানুৰূপ আৰম্ভণি কৰিবলৈ সক্ষম নহয় ৷ তৃতীয় অ'ভাৰতে ভাৰতে এটা উইকেট হেৰুৱায় ৷
লগতে পঢ়ক : উশ্বু চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কাশ্যপী সোণোৱালৰ