ETV Bharat / sports

25 জুনত 83'ৰ বিশ্ব চেম্পিয়ন হৈছিল ভাৰত

author img

By

Published : Jun 25, 2020, 8:58 PM IST

1983 চনৰ আজিৰ দিনটো অৰ্থাৎ 25 জুনত কপিল দেৱৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হৈছিল ভাৰত । শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাজিত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সোণালী ইতিহাস লিখিবলৈ সক্ষম হৈছিল ভাৰতীয় ক্ৰিকেট দলটোৱে ।

Remembering the 1983 World Cup victory
Remembering the 1983 World Cup victory

স্পৰ্টছ ডেস্ক, 25 জুনঃ সকলো ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে আজিৰ দিনটো হৈছে এক গৌৰৱৰ দিন । 1983 চনৰ আজিৰ দিনটোতেই পোন প্ৰথমবাৰৰ বাবে ভাৰতে বিশ্বচেম্পিয়নৰ খিতাপ দখল কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছিল । ইংলেণ্ডৰ ভূমিত এই কৃতিত্ব লাভ কৰিছিল কপিল দেৱৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ।

প্ৰতিযোগিতাৰ আৰম্ভণিত কোনোৱে খিতাপ জয়ৰ প্ৰবল দাবীদাৰ হিচাপে গণ্য কৰা নাছিল ভাৰতক । কাৰণ ভাৰতীয় দলটোত আছিল অভিজ্ঞতাৰ অভাৱ । ভাৰতীয় দলটোৱে ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় স্তৰত কেৱল 40 খন এদিনীয়া মেচত হে অংশগ্ৰহণ কৰিছিল । অৱশ্যে দলটোৰ বাবে এই বিশ্বকাপত হেৰুৱালগীয়া একোৱেই নাছিল, হয়তো সেইটোৱেই পিচলৈ দলটোৰ জয়ৰ মুখ্য কাৰণত অৰিহণা যোগাইছিল ।

83' ত বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰা মূহুৰ্তত

বিশ্বকাৰ আৰম্ভণিতেই ডেফেণ্ডিং চেম্পিয়ন শক্তিশালী ৱেষ্ট ইণ্ডিজক 34 ৰানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতে । 9 জুনত অনুষ্ঠিত হৈছিল এইখন মেচ । ইয়াৰ পাচতেই দলটোৰ মাজত গঢ়ি উঠিছিল আত্ম-বিশ্বাস । ইয়াৰ পাচত ভাৰতে জিম্বাব'য়েক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল । কিন্তু ইয়াৰ পাচত অন্যতম শক্তিশালী দল অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল ভাৰতীয় দলটোৱে । তাৰ পাচতে ৱেষ্ট ইণ্ডিজ দলে দ্বিতীয়খন মেচত প্ৰতিশোধ ল'বলৈ সক্ষম হয় আৰু ভাৰতক পৰাজিত কৰে ।

ইয়াৰ পাচতেই ভাৰতৰ বিশ্বকাপৰ যাত্ৰা সমাপ্ত হ'ব বুলি অনুমান কৰা হৈছিল যদিও ভাৰতীয় দলটোৱে শক্তিশালী প্ৰত্য়াৱৰ্তন কৰি 18 জুনত জিম্বাব'য়েক পৰাস্ত কৰিবলৈ সক্ষম হয় । এই মেচখনত কপিল দেৱে 175 ৰানৰ বিজয়ী ইনিংছ খেলি ইতিহাস ৰচিবলৈ সক্ষম হৈছিল । আজিও বহু ক্ৰীড়াপ্ৰেমীৰ মাজত সজীৱ হৈ আছে কপিল দেৱৰ সেই স্মৰণীয় ইনিংছ । 20 জুনত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমিফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হৈছিল ।

তাৰ পাচতেই 22 জুনত ভাৰতে আয়োজক দেশ ইংলেণ্ডক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত উপনীত হোৱাৰ গৌৰৱ লাভ কৰে । অৱশেষত 25 জুনত কপিল দেৱ নেতৃত্বাধীন ভাৰতীয় দলৰ বিশ্বকাপৰ ফাইনেলত মুখামুখি হয় ডিফেণ্ডিং চেম্পিয়ন ক্লাইভ লয়ডৰ শক্তিশালী ৱেষ্ট ইণ্ডিজ দলৰ বিৰুদ্ধে ।

ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বলিঙৰ সন্মুখত ফাইনেলত ভাৰতে প্ৰথমে বেটিং কৰি কেৱল 183 ৰানহে কৰিবলৈ সক্ষম হৈছিল । কিন্তু কপিল দেৱৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে চমৎকাৰ কৰি 43 ৰানত জয় লাভ কৰি প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰি বিশ্বচেম্পিয়নৰ কৃতিত্ব লাভ কৰে ।

অৱশ্যে ইয়াৰ পাচত 28 বছৰ পাচত ভাৰতে দ্বিতীয় বাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ চেম্পিয়নৰ গৌৰৱ লাভ কৰিবলৈ সক্ষম হয় । ধোনীৰ নেতৃত্বত ভাৰতে 2011 চনত বিশ্বকাপৰ খিতাপ দখল কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.