স্পৰ্টছ ডেস্ক, 17 অক্টোবৰঃ ত্ৰয়োদশ সংস্কৰণৰ বাবে আই পি এলৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দলৰ সৈতে চুক্তিবদ্ধ হ’ল নৱনীতা গৌতম ৷ মাচাজ থেৰাপিষ্ট হিচাপে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দলটোৰ সৈতে জড়িত কৰা হৈছে নৱনীতাক ৷ ইয়াৰ লগে-লগে আই পি এলৰ ইতিহাসত মহিলা ষ্টাফ চুক্তিবদ্ধ কৰা প্ৰথমটো দল হ’ল বেংগালুৰু ৷ আই পি এলৰ ত্ৰয়োদশ সংস্কৰণত পোন প্ৰথমবাৰৰ বাবে মহিলা ষ্টাফক জড়িত কৰা হৈছে ৷
এই সন্দৰ্ভত বেংগালৰু দলটোৰ সঞ্চালক সঞ্জীৱ চুড়ীৱালাই কয়,
মই এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব পাই যথেষ্ট সুখী অনুভৱ কৰিছো ৷ এইটো আমাৰ দ্বাৰা লোৱা এক সঠিক সিদ্ধান্ত ৷ এই খেল বহু দূৰলৈ বিস্তাৰিত ৷ ইয়াৰ পদক্ষেপৰ জৰিয়তে সমান ভাৱ উদয় কৰাত সহায়ক হ’ব ৷ বেংগালৰু দলটোৰ সৈতে নৱনীতাৰ দৰে প্ৰতিভাক সংযোজিত কৰি আমি সুখী অনুভৱ কৰিছো ৷