ETV Bharat / sports

ভাৰতীয় ক্ৰিকেটত বয়স লুকোৱা প্ৰথাটো বিপদজনকঃ দ্ৰাৱিড়

ক্ৰিকেটত নিজৰ সঠিক বয়স লুকোৱাক লৈ ৰাহুল দ্ৰাৱিড়ৰ প্ৰতিক্ৰিয়া ৷ ক্ৰিকেটৰ বাবে এইয়া বিপদজনক ৷

author img

By

Published : Sep 28, 2019, 8:32 PM IST

RAHUL DRAVID

স্পৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিক সময় খেলা অথবা বৰ্তি থাকিবলৈ নিজৰ সঠিক বয়স লুকোৱাক লৈ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা নেশ্যনেল ক্ৰিকেট একাডেমীৰ নিৰ্দেশক ৰাহুলৰ দ্ৰাৱিড়ৰ প্ৰতিক্ৰিয়া ৷ দ্ৰাৱিড়ে কয় যে,

RAHUL DRAVID
ভাৰতীয় ক্ৰিকেটত বয়স লুকোৱা প্ৰথাটো বিপদজনকঃ দ্ৰাৱিড়

ভাৰতীয় ক্ৰিকেটত বয়স লুকোৱা প্ৰথাটো ক্ৰিকেট সংস্কৃতিৰ বাবে বিপদজনক ৷ এই বিষয়ে অতি সোনকালে কঠোৰ ব্যৱস্থা লোৱাৰ দৰকাৰ ৷

দ্ৰাৱিড়ে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত লগতে কয়,এইয়া সচিব,দলৰ মালিক তথা ক্লাৱসমূহে দায়িত্ব সহকাৰে লৈ গুৰুত্ব দিয়া অতিকৈ প্ৰয়োজন ৷ যাতে কোনো খেলুৱৈয়ে এনেদৰে কৰিব নোৱাৰে ৷ এইয়া ক্ৰিকেটৰ বাবে বিপদজনক ৷ ইয়াৰ বাবে বহু প্ৰতিভাৱান খেলুৱৈয়ে সুবিধা নাপায় ৷ যিয়ে সঁচাকৈ ক্ৰিকেট খেলিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷

নিজৰ পোন্ধৰ মিনিটৰ বক্তব্যত দ্ৰাৱিড়ে কয়,

ক্ৰিকেটাৰ সকলে কেতিয়াও পাহৰিব নালাগে যে তেওঁলোকে কিয় ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছে ৷ ক্ৰিকেটাৰ সকলক উদ্দেশ্যি তেওঁ ইয়াকো কয় যে, সকলো খেলুৱৈয়ে ৰঞ্জী ট্ৰফী,আই পি এল অথবা ভাৰতৰ হৈ খেলিবলৈ সুযোগ নাপাব পাৰে ৷ গতিকে দলত নিৰ্বাচন হোৱা বিষয়টো আওকান কৰি ক্ৰিকেট খেলাৰ আনন্দ লাভ কৰিব লাগে ৷ দলত নিৰ্বাচন হোৱা-নোহোৱা চিন্তাই মানসিক অশান্তি দিয়ে বুলি কয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ৷

ETV SPORTS- IMAGE STORY
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.