ETV Bharat / sports

কফি বিবাদৰ পাচতেই এমাহৰ বিৰতি লোৱাৰ কথা উল্লেখ হাৰ্দিক পাণ্ডিয়াৰ

কফি উইথ কৰণ টেলিভিচন শ্ব'ৰ বিবাদক পুনৰ ৰোমন্থন কৰি এক মন্তব্য প্ৰকাশ ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ । বিবাদৰ পাচতেই কি কৰিছিল সেই কথা প্ৰকাশ খেলুৱৈগৰাকীয়ে ।

author img

By

Published : Jun 6, 2020, 2:44 PM IST

Rahul & I took one-month off: Hardik opens-up about chat show fiasco

স্পৰ্টছ ডেস্ক, 6 জুনঃ কফি উইথ কৰণ বিবাদক পুনৰ এবাৰ ৰোমন্থন ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ । এই বিবাদ সন্দৰ্ভত পাণ্ডিয়াই কয়, এই বিবাদৰ পাচতেই ৰাহুল আৰু মই দুয়োয়ে ইজনে-সিজনৰ পৰা এমাহৰ বাবে বিৰতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো । আনহাতে তেতিয়াৰ পৰাই আমাৰ মাজত বন্ধুত্ব অধিক দৃঢ় হোৱাৰ লগতে ৰাহুল নিজৰ ভাতৃৰ দৰে হৈ পৰা বুলি কয় পাণ্ডিয়াই ।

কফি উইথ কৰণ শ্ব'ত হাৰ্দিক-ৰাহুল
কফি উইথ কৰণ শ্ব'ত হাৰ্দিক-ৰাহুল

এক সংবাদ সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । তেওঁ কয়,ৰাহুল মোৰ ভাতৃৰ দৰে । আমি দুয়োয়ে ইজনে-সিজনৰ সফলতাত আনন্দ উপভোগ কৰিছো, একেলগে বেয়া দিনৰো সন্মুখীন হৈছো । কিন্তু হয়,এটা সময়ত (কফি উইথ কৰণ বিবাদ) আমি ইজনে-সিজনৰ পৰা এমাহৰ বাবে বিৰতি লৈছিলো । কাৰণ সেই সময়ত অধিক বিবাদৰ সূচনা হৈছিল । কিন্তু সেই ব্যক্তিজন (ৰাহুল) সলনি নহ'ল ।

অৱশ্যে পাণ্ডিয়াই লগতে কয়, হয়,তাৰ পাচত ৰাহুল অলপ শান্ত হৈছে কিন্তু আমাৰ বন্ধুত্ব আগৰ দৰেই আছে । আমি দুয়োজনে ইজনে-সিজনক ভাল পাওঁ ।

আনহাতে এই বিবাদৰ পাচতেই পাণ্ডিয়াই নিজৰ আচৰণ সলনি কৰা বুলি উল্লেখ কৰে । তেওঁ কয়, সেই ঘটনাৰ পিচৰ পৰা মই অলপ চতুৰ হৈ পৰিছো । মই জীৱনত ভুল কৰিছো আৰু মোৰ জীৱনৰ আটাইতকৈ ভাল লগা কথা হ'ল যে, সেই ভুলবোৰ মই স্বীকাৰ কৰিছো । যদি মই ভুলবোৰ স্বীকাৰ নকৰিলে তেন্তে আন এটা টেলিভিচন শ্ব' অনুষ্ঠিত হ'ল হয় । লগতে কয় এনেদৰে যদি ক্ৰিকেটত নিজৰ ভুল সমূহ স্বীকাৰ নকৰো তেন্তে সেই ভুল সমূহকে পুনৰাই যাম । মই এতিয়া নিজৰ ভুল স্বীকাৰ কৰি আগুৱাই যাব বিচাৰো । সেই সময়ত মোৰ পিতৃক গালি দিয়া হ'ল,তেওঁ সাক্ষাৎকাৰ প্ৰদান কৰিছিল,কিন্তু তেওঁক ইতিকিং কৰা হ'ল । মোৰ আটাইতকৈ দুখ লাগিল মোৰ বাবে মোৰ পৰিয়ালৰ সদস্য় সকল সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল সেইয়া মোৰ বাবে সহ্যকৰ নাছিল ।

কফি উইথ কৰণ এক টেলিভিচন শ্ব'ত মহিলাৰ ওপৰত অশালীন মন্তব্য কৰাক লৈ ক্ৰিকেটাৰ কে.এল ৰাহুল আৰু হাৰ্দিক পাণ্ডিয়াৰ ব্যাপক সমালোচনা হৈছিল । আনকি অষ্ট্ৰেলিয়া ভ্ৰমণ সূচীৰ মাজতেই মাতি পঠিওৱা হৈছিল ক্ৰিকেটাৰ দুগৰাকীক ।

লগতে চাওকঃ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মফচলীয় অঞ্চলৰ শিক্ষাৰ্থীৰ আধিপত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.