ETV Bharat / sports

মোক ৰাহুল দ্ৰাৱিড়ে শিকাইছে ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ মহত্ব : পূজাৰা

author img

By

Published : Jun 27, 2020, 4:38 PM IST

ভাৰতীয় ক্ৰিকেটৰ দলৰ "দেৱাল" হিচাপে পৰিচিত প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাৱিড়ৰ সৈতে তুলনা কৰা হয় বৰ্তমানৰ ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাক । পূজাৰাই কয়, ব্যক্তিগত আৰু পেশাদাৰী জীৱনক পৃথকে ৰখাৰ, সেই বিষয়ে জ্ঞান দিয়াৰ বাবে মই সদায় ৰাহুল দ্ৰাৱিড়ৰ কৃতজ্ঞ ।

Pujara says Rahul Dravid taught him importance of switching off from cricket

স্পৰ্টছ ডেস্ক, 27 জুনঃ ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেটাৰ ৰাহুল দ্ৰাৱিড়কলৈ গুৰুত্বপূৰ্ণ মন্তব্য় বৰ্তমান ভাৰতীয় টেষ্ট ক্ৰিকেটৰ মূল ৰাজহাড় হিচাপে পৰিচিত চেতেশ্বৰ পূজাৰাৰ । তেওঁৰ জীৱনত ৰাহুল দ্ৰাৱিড়ৰ প্ৰভাৱ এটা শব্দত বিৱৰণ দিয়া সম্ভৱ নহয় বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

পূজাৰাই কয়, ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ মহত্বৰ বিষয়ে জ্ঞান দিয়াৰ বাবে তেওঁ সদায় দ্ৰাৱিড়ৰ ওচৰত কৃতজ্ঞ হৈ থাকিব । ব্যক্তিগত আৰু পেচাদাৰী জীৱনক পৃথকে কেনেকৈ ৰখা হয় সেই বিষয়ে জ্ঞান দিয়াৰ বাবে দ্ৰাৱিড়ক ধন্যবাদ জ্ঞাপন কৰে খেলুৱৈগৰাকীয়ে ।

এক ক্ৰিকেট ৱেবচাইটত এই কথা উল্লেখ কৰি পূজাৰাই কয়, ৰাহুল দ্ৰাৱিড়ৰ পৰাই মই এই বিষয়ে অধিক স্পষ্টতা লাভ কৰিবলৈ সক্ষম হৈছিলো । মই কাউণ্টি ক্ৰিকেটতো দেখা পাইছো কেনেকৈ ব্য়ক্তিগত আৰু পেশাগত জীৱনক পৃথকে ৰখা হয় । মই তেওঁৰ পৰামৰ্শক অধিক গুৰুত্ব প্ৰদান কৰো । বৰ্তমানে মোৰ মনোযোগ কেন্দ্ৰিভূত হৈ আছে মই কি কৰিব লাগে । কিন্তু মই এইটোও জানো যে, কেতিয়া মই আঁতৰি আহিব লাগিব । ক্ৰিকেটৰ বাহিৰেও এটা জীৱন আছে ।

পূজাৰাৰ মানসিক দৃঢ়তা, বেটিঙৰ কৌশল প্ৰায়েই দ্ৰাৱিড়ৰ সৈতে তুলনা কৰা হয় যদিও পূজাৰাই দ্ৰাৱিড়ৰ সৈতে সামাঞ্জস্য থাকিলেও তেওঁ কেতিয়াও দ্ৰাৱিড়ৰ নকল কৰাৰ চেষ্টা কৰা নাই বুলি উল্লেখ কৰে ।

তেওঁ কয়, আমাৰ খেলত মিল থাকিলেও এইটো মোৰ তেওঁৰ প্ৰতি আকৰ্ষণৰ বাবে নহয় । এইটো মুখ্য ৰূপে সৌৰাষ্ট্ৰৰ সৈতে খেলা মোৰ অভিজ্ঞতাৰ পৰা আহিছে । য'ত মই অকলেই শতক অৰ্জন কৰা পৰ্যাপ্ত নহয়, দলটোকো আগবঢ়াই নিয়া প্ৰয়োজনৰ কথা শিকিবলৈ পাইছিলো বুলি কয় । লগতে কয় মোৰ বাবে এটা বাক্যত ৰাহুল ভাইৰ বিষয়ে কোৱা সম্ভৱ নহয় । তেওঁ সদায় মোৰ বাবে প্ৰেৰণা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.