ETV Bharat / sports

মিথালী ৰাজ মহিলা-পুৰুষ উভয় ক্ৰিকেটাৰৰ বাবে অনুপ্ৰেৰণা: প্ৰধানমন্ত্ৰী - মিথালী ৰাজ মহিলা-পুৰুষ উভয় ক্ৰিকেটাৰৰ বাবে অনুপ্ৰেৰণা:প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী মোডীয়ে ৭৫ সংখ্যক 'মন কী বাত' অনুষ্ঠানত ভূয়ষী প্ৰশংসা কৰে ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজক । আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ হাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে সফলতা অৰ্জন কৰিছে মিথালী ৰাজে । এদিনীয়াত মুঠ ৭ হাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপেও মিথালী ৰাজে আন এক ইতিহাস ৰচিবলৈ সক্ষম হয় ।

মিথালী ৰাজ মহিলা-পুৰুষ উভয় ক্ৰিকেটাৰৰ বাবে অনুপ্ৰেৰণা:প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Mar 28, 2021, 7:02 PM IST

স্পৰ্টছ ডেস্ক,২৮ মাৰ্চ: আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ১০ হাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ হিচাপে সফলতা অৰ্জন কৰাৰ পিছতে বিশ্বজুৰি সমাদৰ লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ মিথালী ৰাজে । ১২ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হোৱা খেলৰ সময়তে এই ইতিহাস গঢ়িবলৈ সক্ষম হয় মিথালী ৰাজে । ইয়াৰ ঠিক দুদিন পিছতে এদিনীয়াত মুঠ ৭ হাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপেও মিথালী ৰাজে আন এক ইতিহাস ৰচিবলৈ সক্ষম হয় । ইয়াৰ পিছতে বহু অনুৰাগীয়ে শুভেচ্ছা জনোৱা দেখা গৈছে খেলুৱৈ গৰাকীক ।

এইবাৰ খেলুৱৈগৰাকীক বিশেষভাৱে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে ৭৫ সংখ্যক 'মন কী বাত' অনুষ্ঠানত ভূয়ষী প্ৰশংসা কৰে ভাৰতীয় মহিলা ক্ৰিকেটাৰ গৰাকীক । খেলুৱৈ গৰাকীৰ এই অৱদান মহিলা দলটোৰ বাবে অতুলনীয় আখ্যা প্ৰধানমন্ত্ৰীৰ । দুটা দশক ধৰি ক্ৰিকেট কেৰিয়াৰত খেলুৱৈ গৰাকীয়ে বিভিন্ন ধৰণে অনুপ্ৰাণিত কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । মোডীয়ে কয় যে তেওঁৰ এই সফলতা কেৱল মহিলাৰ বাবেই নহয় পুৰুষৰ ক্ৰিকেট দলটোৰ বাবেও অনুপ্ৰেৰণা হ'ব ।

দিল্লীত আয়োজিত আন্তৰ্জাতিক শ্বুটিং স্পোৰ্ট ফেডাৰেচন (আইএছএছএফ) বিশ্বকাপত ভাৰতীয় শ্বুটাৰৰ সফলতাৰ ওপৰতো মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । মোডীয়ে উল্লেখ কৰা মতে ভাৰতে বৰ্তমানলৈ ২৭ টা পদকৰ সৈতে পদকৰ সংখ্যাত শীৰ্ষত আছে, য'ত ১৩ টা স্বৰ্ণ অন্তৰ্ভুক্ত আছে । এয়া কেৱল ভাৰতীয় মহিলা আৰু পুৰুষ শ্বুটাৰ সকলৰ বাবে সম্ভৱ হোৱাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ।

আনহাতে 'মন কী বাত'ত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মাৰ্চ মাহত দেশত নাৰী দিৱস উদযাপন কৰা সময়তে ভাৰতৰ বহু মহিলা খেলুৱৈয়ে বিভিন্ন পৰ্যায়ত পদক জয়েৰে অভিলেখ গঢ়িছে । বিডব্লিউএফ ছুইছ অ'পেন ৩০০ টুৰ্ণামেণ্টত ৰূপৰ পদক বিজয়ী বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুকো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক:মিথালী ৰাজৰ অভিলেখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.