ETV Bharat / sports

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ ন্যূনতম বয়সৰ সীমা 15 বছৰ : আইচিচি - শচীন তেণ্ডুলকাৰ

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণৰ ন্যূনতম বয়সৰ সীমা 15 বছৰ ৷ এই মন্তব্য় আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) ৷

আইচিচি
আইচিচি
author img

By

Published : Nov 20, 2020, 11:30 AM IST

স্পৰ্টছ ডেস্ক, 20 নৱেম্বৰ : আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণৰ বাবে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে খেলুৱৈসকলৰ বাবে এক ন্যূনতম বয়সৰ সীমা ধাৰ্য কৰি দিছে ৷ সেই অনুসৰি, ক্ৰিকেটাৰৰ বয়স 15 বছৰ হোৱাটো বাঞ্চনীয় ৷

আইচিচিয়ে এক বিবৃতিত কয়, "আইচিচি ইভেন্ট, দ্বিপাক্ষিক ক্ৰিকেট আৰু U19 ক্ৰিকেটত অংশগ্ৰহণ কৰা ক্ৰিকেটাৰৰ বাবে আইচিচিয়ে এক ন্যূনতম বয়সৰ সীমা ধাৰ্য কৰি দিছে ৷ পুৰুষ, মহিলা অথবা U19 ক্ৰিকেটাৰসকলৰ বয়স অতি কমেও 15 বছৰ হোৱাটো বাঞ্চনীয় ৷"

কিন্তু কোনো ব্যতিক্ৰমী পৰিস্থিতিত 15 বছৰৰ অনুৰ্ধৰ ক্ৰিকেটাৰক খেলিবলৈ অনুমতি প্ৰদান কৰিবলৈ হ'লে সেই দেশৰ বৰ্ডে আইচিচিক আবেদন জনাব লাগিব ৷

বিবৃতিত কোৱা হয়, "ব্যতিক্ৰমী পৰিস্থিতিত 15 বছৰ অনুৰ্ধৰ খেলুৱৈক অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰিবলৈ হ'লে সদস্য বৰ্ডে আইচিচিৰ ওচৰত আবেদন কৰিব লাগিব ৷ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'ব পৰাকৈ খেলুৱৈগৰাকী অভিজ্ঞ, মানসিকভাৱে সৱল হয় নে নহয় সেই সম্পৰ্কত আবেদনত উল্লেখ কৰিব লাগিব ৷"

পূৰ্বে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণৰ বাবে কোনো বয়সৰ সীমা ধাৰ্য কৰা নাছিল ৷

উল্লেখ্য যে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা কনিষ্ঠতম ক্ৰিকেটাৰ হৈছে পাকিস্তানৰ হাছান ৰাজা ৷ পাকিস্তানৰ হৈ তেওঁ 1996 চনৰ পৰা 2005 চনলৈ সাতখন টেষ্ট আৰু 16 খন এদিনীয়াত অংশগ্ৰহণ কৰিছিল ৷ সোঁহতীয়া বেটছমেনগৰাকীয়ে 14 বছৰ 227 দিনত টেষ্ট মেচত অভিষেক ঘটাইছিল ৷

ভাৰতৰ কনিষ্ঠতম ক্ৰিকেটাৰ হিচাপে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ ঘটাইছিল প্ৰাক্তন বেটছমেন শচীন তেণ্ডুলকাৰে ৷ 16 বছৰ 205 দিনত তেওঁ টেষ্ট ক্ৰিকেটত অভিষেক ঘটাইছিল ৷ মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে নিজৰ কেৰিয়াৰত টেষ্টত 15,921 ৰাণ আৰু এদিনীয়াত 18,426 ৰাণ সংগ্ৰহ কৰিছিল ৷

লগতে পঢ়ক : আইএছএল 2020-21 : দল, ষ্টেডিয়াম, তাৰকা খেলুৱৈ, প্ৰাইজমানি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.