ETV Bharat / sports

তেণ্ডুলকাৰৰ শতকৰ অভিলেখ ভংগ কৰিব বিৰাটে : ইৰফান পাঠান - বিৰাট কোহলি

ভাৰতীয় ক্ৰিকেট দলৰ 31 বছৰীয়া বৰ্তমানৰ অধিনায়ক বিৰাট কোহলিৰ নামত আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 70 টাকৈ শতক ৷ এদিনীয়াত 43 টা শতক থকাৰ বিপৰীতে টেষ্টত আছে 27 টা শতক ৷ আনহাতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়া তেণ্ডুলকাৰৰ নামত আছে 51 টা টেষ্ট শতকৰ লগতে 49 টা এদিনীয়া শতক ৷

pathan backs kohli to break tendulkars record of 100 international tons

author img

By

Published : Aug 24, 2020, 8:43 PM IST

Updated : Aug 26, 2020, 2:47 PM IST

স্পৰ্টছ ডেস্ক, 24 আগষ্ট : বিৰাট কোহলিক লৈ ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ খেলুৱৈ ইৰফান পাঠানৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ পাঠানৰ মতে কোহলিৰ দক্ষতা আৰু ফিটনেছৰ ফলতেই শচীন তেণ্ডুলকাৰৰ শতকৰ শতক অভিলেখ ভংগ কৰাৰ সক্ষমতা আছে বিৰাট কোহলিৰ ৷ ষ্টাৰ স্পৰ্টছৰ এটা ক্ৰিকেট টিভি প্ৰগ্ৰামত এই কথা উল্লেখ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ৷

pathan backs kohli to break tendulkars record of 100 international tons
ইৰফান পাঠান

পাঠানে লগতে কয়, অতি কম সময়ৰ ভিতৰতেই কোহলিয়ে বহু খিনি অভিলেখ তথা কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷ গতিকে মই ভাৱে যদিহে শচীনৰ 100 সংখ্যক শতকৰ অভিলেখ কোনো খেলুৱৈয়ে ভংগ কৰিব পাৰিব সেইগৰাকী হৈছে বিৰাট কোহলি ৷ কোহলিৰ দক্ষতা আৰু ফিটনেছৰ ফলতেই এইটো সম্ভৱপৰ হৈ উঠিব পাৰে বুলি কয় পাঠানে ৷

শচীন বনাম বিৰাট
শচীন বনাম বিৰাট

কোহলিৰ নামত বৰ্তমানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আছে 70 টাকৈ শতক ৷ য’ত 248 খন এদিনীয়াত 43 টা আৰু 86 খন টেষ্ট ক্ৰিকেটত আছে 27 টা শতক ৷ আনহাতে 2013 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দিয়া শচীন তেণ্ডুলকাৰৰ নামত আছে মুঠ আন্তঃৰাষ্ট্ৰীয় 100 টা শতক ৷ টেষ্ট ক্ৰিকেটত শচীনৰ নামত 51 টা শতক থকাৰ বিপৰীতে এদিনীয়া ক্ৰিকেট আছে 49 টা শতক ৷

শচীন তেণ্ডুলকাৰ

এতিয়া কোহলি শচীনৰ 100 সংখ্যক শতকতকৈ কেৱল 30 টা শতক হে দূৰৈত ৷ গতিকে অৱসৰৰ পূৰ্বে কোহলিয়ে এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাসী পাঠান ৷ লগতে বিৰাটৰো এয়াই লক্ষ্য হ’ব বুলি কয় ইৰফান পাঠানে ৷

লগতে চাওক-টেষ্ট ক্ৰিকেটত 6000 ৰান সম্পূৰ্ণ আজহৰ আলীৰ

Last Updated : Aug 26, 2020, 2:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.