ETV Bharat / sports

আইপিএল 2020 ক লৈ বৰ্তমানো অনিশ্চয়তা !

কৰ’ণা আতংকৰ মাজত আইপিএলৰ সাময়িক ভাৱে স্থগিত ৰখাৰ পাচত পুনৰ কেতিয়া অনুষ্ঠিত কৰা হ’ব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ তাক লৈ এতিয়াও বৰ্তি আছে অনিশ্চয়তা ৷ পূৰ্ব সূচী অনুসৰি 29 মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল আইপিএল 2020 ৷

author img

By

Published : Mar 30, 2020, 3:10 PM IST

IPL 2020,Covid-19 lockdown
আইপিএল 2020 ক লৈ বৰ্তমানো অনিশ্চয়তা !

স্পৰ্টছ ডেস্ক, 30 মাৰ্চ: বিশ্ব তথা দেশত কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত কৰা হ’ল আইপিএল 2020 ৷ প্ৰথম অৱস্থাত 15 এপ্ৰিললৈ স্থগিত কৰা হৈছে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ৷ কিন্তু পুনৰ কেতিয়া অনুষ্ঠিত কৰা হ’ব আইপিএল 2020 তাক লৈ বৰ্তি আছে অনিশ্চয়তা ৷ কেতিয়া অনুষ্ঠিত কৰা হ’ব আইপিএল তাকলৈ এতিয়াও স্পষ্ট দিন ঘোষণা কৰা নাই বিচিচিআইয়ে ৷ দেশত কৰ’ণা ভাইৰাছৰ প্ৰকোপৰ ভয়াৱতাহৰ ওপৰত লক্ষ্য ৰাখিয়ে সকলো ধৰণৰ ক্ৰীড়া অনুষ্ঠান স্থগিত কৰা হৈছিল ৷ ইয়াৰ মাজতে আছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএল ৷

No decision on IPL 2020 yet, BCCI monitoring situation amid Covid-19 lockdown
আইপিএলৰ ত্ৰয়োদশ সংস্কৰণকলৈ অনিশ্চয়তা

বৰ্তমান সকলো দিশ পৰ্যালোচনা কৰি থকা হৈছে বুলি জানিবলৈ দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ বিচিচিআইয়ে ৷ বিচিচিআইৰ এক সুত্ৰৰ পৰা জানিব পৰা মতে, আইপিএলক লৈ বৰ্তমান কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷ সকলো দিশ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি থকা হৈছে ৷ সেই অনুসৰি পৰৱৰ্তী সময়ত সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷

এই ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি বিচিচিআইয়ে যথেষ্ট সতৰ্কতা অৱলম্বন কৰাৰ লগতে সকলো খেলুৱৈ, বিষয়াৰ স্বাস্থ্য সুৰক্ষা ইত্যাদিক লৈ চিন্তিত আৰু সংবেদনশীল বুলি উল্লেখ কৰে ৷ আনহাতে এক সুৰক্ষিত বাতাবৰণত আইপিএল অনুষ্ঠিত কৰাৰ বাবে ক্ৰীড়ামন্ত্ৰণালয়ৰ সৈতে ঐক্যবদ্ধ ভাৱে ইয়াৰ ওপৰত কাম কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে বিচিচিআই কৰ্তপক্ষই ৷

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড

কৰ’ণা ভাইৰাছৰ আতংকৰ বাবেই বিচিচিআইয়ে প্ৰথম অৱস্থাত 15 এপ্ৰিললৈ স্থগিত কৰিছিল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ৷ মুম্বাই ৱাংখাড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত যোৱা 29 মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছিল আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ৷

কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভেণ্টিলেটৰ দান ৰ’নাল্ডোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.