স্পৰ্টছ ডেস্ক, 29 নৱেম্বৰ: শুকুৰবাৰৰ পৰা ছেড্ড’ন পাৰ্ক হেমিল্টনত অনুষ্ঠিত হৈছে নিউজিলেণ্ড আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ৷ খেলখনত টছত জয় লাভ কৰি ইংলেণ্ডৰ অধিনায়কে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰ্তমানলৈকে নিউজিলেণ্ড দলটোৱে 3 টা উইকেট হেৰুৱাই 173 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ নিউজিলেণ্ডৰ হৈ টম লেথামে 101 ৰান আৰু হেনৰী নিকল্ছে অপৰাজিত 5 ৰান কৰি ক্ৰীজত বৰ্তি আছে ৷ টেষ্ট কেৰিয়াৰৰ এইটো 11 তম শতক লেথামৰ ৷ আনহাতে জিৎ ৰাভলে 5, কেন উলিয়ামচন 4, ৰছ টেইলৰ 53 ৰান কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে বৰ্তমান বৰষুণে বিধি-পথালি দিছে মেচখনত ৷

মেচখনত নিউজিলেণ্ড দলটোৰ হৈ টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে অভিষেক কৰিছে ডাৰ্য়েল মিটচেলে ৷ আঘাতপ্ৰাপ্ত কলিন ডি গ্ৰেণ্ডহোমৰ পৰিৱৰ্তে দলত স্থান লাভ কৰিছে ডাৰ্য়েল মিটচেলে ৷ ইপিনে আঘাতপ্ৰাপ্ত ট্ৰেণ্ট বল্টৰ স্থানত দলত স্থান লাভ কৰিছে মেট হেনৰীয়ে ৷

আনহাতে ইংলেণ্ডৰ আঘাতপ্ৰাপ্ত জছ বাটলাৰৰ স্থানত অভিষেক ঘটিছে জেক ক্ৰাৱলিৰ ৷ ইপিনে জেক লিচেৰ পৰিৱৰ্তে স্থান লাভ কৰিছে ক্ৰীছ ৱক্ছে ৷ ইতিমধ্যে দুখন মেচৰ টেষ্ট শৃংখলাত 1-0 ৰ অগ্ৰগতি লাভ কৰি আছে ঘৰুৱা দল নিউজিলেণ্ডে ৷