ETV Bharat / sports

আইপিএল আয়োজনৰ বাবে নিউজিলেণ্ডৰ প্ৰস্তাৱ : বিচিচিআই বিষয়া

author img

By

Published : Jul 7, 2020, 6:33 PM IST

আইপিএলৰ আয়োজনক লৈ বিচিচিআইৰ বিষয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য । সকলো পক্ষৰ সহমতৰ অন্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ । লগতে খেলুৱৈৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ বুলি কয় বিষয়াগৰাকীয়ে ।

new zealand also offers to host ipl after uae and sri lanka bcci official

স্পৰ্টছ ডেস্ক, 7 জুলাই : অব্যাহত আছে আইপিএলৰ ত্ৰয়োদশ আয়োজনকলৈ জল্পনা-কল্পনা । শ্ৰীলংকা আৰু সংযুক্ত আৰৱ আমিৰাতত আইপিএলৰ আয়োজনৰ কথা চিন্তা চৰ্চা চলাই থকাৰ মাজতেই শেহতীয়াকৈ নিউজিলেণ্ডয়ে আগবঢ়াইছে আইপিএল আয়োজন কৰাৰ প্ৰস্তাৱ ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াত হ'বলগীয়া টি-20 বিশ্বকাপৰ আয়োজন স্থগিত হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অৱশ্য়ে এতিয়াও আইচিচিয়ে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই । যদিহে বিশ্বকাপ বাতিল হয় তেন্তে বিচিচিআইয়ে ছেপ্তেম্বৰ-নৱেম্বৰৰ ভিতৰত আইপিএল অনুষ্ঠিত কৰাৰ বিবেচনা কৰিছে ।

আইপিএলৰ আয়োজনৰ বাবে নিউজিলেণ্ডৰ প্ৰস্তাৱ : বিচিচিআই বিষয়া

ব'ৰ্ডে প্ৰথমতে ভাৰততেই এই প্ৰতিযোগিতা আয়োজনৰ চিন্তা চলাইছিল যদিও কৰ'ণা ভাইৰাছৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানে দেশত আইপিএল আয়োজনৰ সম্ভাৱনা ক্ষীণ । যাৰ বাবে দ্বিতীয় বিকল্প হিচাপে শ্ৰীলংকা আৰু সংযুক্ত আৰৱ আমিৰত আইপিএলৰ আয়োজনৰ চিন্তা-চৰ্চা চলাই থকা হৈছে । কিন্তু শেহতীয়াকৈ এই দুই দেশৰ আগত প্ৰত্যাহ্বান হিচাপে আগবাঢ়ি আহিছে নিউজিলেণ্ড । নিউজিলেণ্ডেও আইপিএলৰ আয়োজনক লৈ ইচ্ছা প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত শেহতীয়াকৈ আইপিএলৰ এগৰাকী বিষয়াই সকলো পক্ষৰ সৈতে আলোচনাৰ অন্তত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে । লগতে ব'ৰ্ডৰ বাবে খেলুৱৈৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ বুলি কয় ।

ইয়াৰ পূৰ্বে আইপিএলৰ 2009 সংস্কৰণ দক্ষিণ আফ্ৰিকা আৰু 2014 চনৰ কিছু সংখ্য়ক মেচ সংযুক্ত আৰৱ আমিৰাতত অনুষ্ঠিত হৈছিল ।

অৱশ্যে নিউজিলেণ্ড বৰ্তমান কৰ'ণা মুক্ত হৈছে যদিও ভাৰত আৰু নিউজিলেণ্ডৰ সময়-সূচীক লৈ কিছু বাধ্যবাধকতা আছে । কাৰণ দুয়োখন দেশৰ মাজত প্ৰায় চাৰে সাত ঘণ্টাৰ সময়ৰ ব্যৱধান আছে । সেই দৃষ্টিভংগীৰে আইপিএলৰ আয়োজনৰ বাবে বৰ্তমান সময়ত সংযুক্ত আৰৱ আমিৰাত অধিক অগ্ৰাধিকাৰ লাভ কৰি আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.