ETV Bharat / sports

অভিষেক মেচত অভিলেখ নৱদ্বীপ চাইনীৰ - -records

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নিজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত বহু কেইটা অভিলেখ গঢ়িলে ভাৰতীয় যুৱ দ্ৰুততম বলাৰ নৱদ্বীপ চাইনীয়ে ৷

অভিষেক মেচত কেইবাটাও অভিলেখ নৱদ্বীপ চাইনীৰ
author img

By

Published : Aug 4, 2019, 1:09 PM IST

স্পৰ্টছ ডেস্ক, 4 আগষ্টঃ অভিলেখ গঢ়িবলৈ সক্ষম হ'ল নৱদ্বীপ চাইনী ৷ কেৰিয়াৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচৰ অন্তিমটো অভাৰত মেইডেন অভাৰ কৰি অভিলেখ গঢ়িলে খেলুৱৈগৰাকীয়ে ৷ এনে অভিলেখ কৰা দ্বিতীয়গৰাকী আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈছে নৱদ্বীপ চাইনী ৷ ইয়াৰ পূৰ্বে এই অভিলেখ গঢ়িছে নিউজিলেণ্ডৰ জীতেন পটেল, পাকিস্তানৰ মহম্মদ আমিৰ, ছিংগাপুৰৰ জনক প্ৰকাশে ৷

ইপিনে অভিষেক টি-20 মেচৰ নিজৰ প্ৰথমটো অভাৰতে দুটা উইকেট লাভ কৰি দ্বিতীয়গৰাকী ভাৰতীয় বলাৰৰ কৃতিত্ব লাভ কৰে নৱদ্বীপে ৷ ইয়াৰ পূৰ্বে এই অভিলেখ ৰচিছিল প্ৰজ্ঞান ঔঝাই ৷ ইয়াৰ লগতে অভিষেক মেচতে ‘মেন অফ দ্য মেচ’ৰ খিতাপ অৰ্জন কৰা সপ্তমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে বিবেচিত হৈছে নৱদ্বীপ ৷ ইয়াৰ পূৰ্বে 2006 চনত দিনেশ কাৰ্তিক, 2009 চনত প্ৰজ্ঞান ঔঝা, 2011 চনত এছ বন্দ্ৰীনাথ, 2015 চনত অক্ষৰ পটেল, 2016 চনত বৰিন্দৰ চাৰণে অভিষেক মেচতে মেন অফ দ্য মেচৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.