স্পৰ্টছ ডেস্ক, 9 আগষ্টঃ এতিয়াৰ পৰা নাডাই কৰিব খেলুৱৈৰ ড’প টেষ্টৰ পৰীক্ষণ ৷ বিচিচিআইৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল জহৰী আৰু খেল মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পিচতেই লোৱা হৈছে এই সিদ্ধান্ত ৷ ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণলৈ আহিব বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট বৰ্ড বিচিচিআই ৷
উল্লেখ্য যে, নাডাৰ অধীনত ড’পিং টেষ্ট কৰাক লৈ বিচিচিআইক পূৰ্বেৰ পৰাই হেঁচা প্ৰয়োগ কৰা হৈছিল যদিও অস্বীকাৰ কৰি আহিছিল বিচিচিআইয়ে ৷ বিচিচিআইয়ে যুক্তি দৰ্শাইছিল যে, বিচিচিআই হৈছে এটা স্বায়ত্ব সংস্থা, ই কোনো ৰাষ্ট্ৰীয় খেল সংঘৰ অধীন নহয় ৷ কিন্তু ভাৰতীয় যুৱ খেলুৱৈ পৃথ্বী শ্ব’ ডপিং টেষ্টত বিফল হৈ 15 নৱেম্বৰলৈ নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ পাচত নাডাই স্পষ্ট কৰিছিল যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণৰ বৰ্ডৰ হাতত ড’পিং টেষ্ট কৰাৰ অধিকাৰ নাই ৷
লক্ষণীয় যে, ড’পিং টেষ্টত এগৰাকী খেলুৱৈগৰাকীৰ প্ৰস্ৰাৱৰ নমুনা গ্ৰহণ কৰা হয় ৷ এইয়া কেৱল নাডা অথবা ৱাডাই গ্ৰহণ কৰে ৷ নমুনা A+ হ’লে খেলুৱৈগৰাকীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয় ৷ অৱশ্যে খেলুৱৈগৰাকীয়ে এণ্টি ড’পিং পেনালত B টেষ্টৰ নমুনাৰ বাবে আবেদন জনাব পাৰে ৷ যদি তাতো ফলাফল ধনাত্মক হয় তেন্তে খেলুৱৈগৰাকীৰ ওপৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকে ৷ নাডাৰ পৰীক্ষা কেন্দ্ৰ দিল্লীত থকাৰ বিপৰীতে ৱাডাৰ পৰীক্ষা কেন্দ্ৰ বিশ্বৰ বহু ঠাইত আছে ৷