ETV Bharat / sports

মই কৰ'ণা পজিটিভ নহয় : মহম্মদ হাফিজ

author img

By

Published : Jun 24, 2020, 6:23 PM IST

মঙলবাৰে সাতগৰাকী পাকিস্তানী ক্ৰিকেটাৰৰ কৰ'ণা পজিটিভ ওলোৱাৰ ভিতৰত অন্যতম এজন আছিল মহম্মদ হাফিজ । কিন্তু পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ ঘোষণাৰ এদিন পাচতেই হাফিজে ক'লে মই কৰ'ণা পজিটিভ নহয় ।

Mohammad Hafeez claims of cororna negative after pcbs confirmation

স্পৰ্টছ ডেস্ক, 24 জুনঃ মই কৰ'ণা পজিটিভ নহয় । এদিন পিচতেই কৰ'ণা পজিটিভ ওলোৱা খবৰ খণ্ডন মহম্মদ হাফিজৰ । মঙলবাৰে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে সাতগৰাকী ক্ৰিকেটাৰ কৰ'ণা পজিটিভ পোৱা বুলি ঘোষণা কৰাৰ পাচতেই হাফিজে বুধবাৰে নিজকে কৰ'ণা পজিটিভ নহয় বুলি উল্লেখ কৰে ।

হাফিজে নিজাববীয়াকৈ নিজৰ লগতে পৰিয়ালৰ কৰ'ণাৰ পৰীক্ষণ কৰাৰ পাচত ফলাফল নিগেটিভ পোৱা বুলি বুধবাৰে টুইট যোগে সদৰি কৰে ।

  • After Tested positive COVID-19 acc to PCB testing Report yesterday,as 2nd opinion & for satisfaction I personally went to Test it again along with my family and here I along with my all family members are reported Negetive Alham du Lillah. May Allah keep us all safe 🤲🏼 pic.twitter.com/qy0QgUvte0

    — Mohammad Hafeez (@MHafeez22) June 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

হাফিজে কয়, মঙলবাৰে পিচিবিৰ দ্বাৰা কৰা কৰ'ণা টেষ্টত মোক পজিটিভ পোৱা গৈছিল । মই মোৰ আত্ম সন্তুষ্টিৰ বাবে মোৰ আৰু মোৰ পৰিয়ালৰ পুনৰ টেষ্ট কৰোৱাইছিলো । যাৰ ফলাফল নিগেটিভ পোৱা গৈছে । আল্লাই আমাক সুৰক্ষিত ৰাখক ।

উল্লেখ্য় যে, মঙলবাৰে আক্ৰান্ত হোৱা খেলুৱৈ সকলৰ ভিতৰত আছিল ফখৰ জামান, ইমৰাণ খান, মহম্মদ হাফিজ, কাছিফ ভট্টী, মহম্মদ ৰিজৱান, মহম্মদ হাছনেন আৰু ৱাহাব ৰিয়াজ । আনহাতে সোমবাৰে হায়দাৰ আলী, হাৰিছ ৰওফ আৰু ছাদাব খানৰ দেহত পোৱা গৈছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.