ETV Bharat / sports

টীম ইণ্ডিয়াৰ 'অসাধাৰণ ধৈৰ্য আৰু দৃঢ় সংকল্প'ক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ - টেষ্ট শৃংখলা

অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলা দখল কৰা ভাৰতীয় দলক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ টীম ইণ্ডিয়াৰ 'অসাধাৰণ ধৈৰ্য আৰু দৃঢ় সংকল্প'ক প্ৰশংসা কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী মোডী
প্ৰধানমন্ত্ৰী মোডী
author img

By

Published : Jan 19, 2021, 2:23 PM IST

স্পৰ্টছ ডেস্ক,19 জানুৱাৰী : অষ্ট্ৰেলিয়াৰ মাটিত বিজয়ধ্বজা উৰুওৱা ভাৰতীয় দলক অভিনন্দন জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ গব্বাত 2-1 ব্যৱধানত ঐতিহাসিক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰে ভাৰতীয় দলে ৷

এই জয়ৰ পাচতে মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলৰ সাফল্যই আমাক গৌৰৱাম্বিত কৰিছে ৷ তেওঁলোকৰ অসাধাৰণ ক্ষমতা আৰু জয়ৰ বাবে দৃঢ়প্ৰতিজ্ঞ মনোভাৱ সকলোৱে প্ৰত্যক্ষ কৰিলে ৷ দলটোলৈ মোৰ অভিনন্দন ! ভৱিষ্যতৰ বাবেও অলেখ শুভকামনা থাকিল ৷"

  • We are all overjoyed at the success of the Indian Cricket Team in Australia. Their remarkable energy and passion was visible throughout. So was their stellar intent, remarkable grit and determination. Congratulations to the team! Best wishes for your future endeavours.

    — Narendra Modi (@narendramodi) January 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, পুনৰবাৰ অষ্ট্ৰেলিয়াৰ মাটিতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰিলে ভাৰতীয় দলে ৷ গীলৰ 91 আৰু ঋষভ পন্তৰ 89 ৰাণৰ জৰিয়তে ভাৰতে 2-1 ব্যৱধানত দখল কৰিলে বহু চৰ্চিত টেষ্ট শৃংখলা ৷ 3 উইকেটত জয়লাভ কৰে ভ্ৰমণকাৰী ভাৰতীয় দলে ৷ ভাৰতৰ হৈ মূল্যৱান 56 ৰাণৰ ইনিংছ খেলে চেতেশ্বৰ পূজাৰাই ৷

গব্বাত এই জয়েৰে ভাৰতে ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, 1988 চনৰ পাচত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া দলে গব্বাত টেষ্ট মেচত পৰাজয় স্বীকাৰ কৰিবলগা হৈছে ৷ আনহাতে, ভাৰতে স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে কেংগাৰু বাহিনীৰ বিৰুদ্ধে গব্বাত টেষ্ট মেচত জয় লাভ কৰিছে ৷

ভাৰতৰ ঐতিহাসিক জয়সমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে এই শৃংখলাত জয় ৷ এই জয়ক 1983, 2007 আৰু 2011 চনৰ বিশ্বকাপ জয়ৰ সৈতে তুলনা কৰিছে সমালোচক আৰু অনুৰাগীসকলে ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক জয়েৰে বিজয়ধ্বজা উৰুৱালে ভাৰতে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.