ETV Bharat / sports

আই চি চি টেষ্ট ৰেংকিঙৰ শীৰ্ষ দহত ময়ংক

প্ৰথমবাৰৰ বাবে আই চি চি টেষ্ট ৰেংকিঙৰ শীৰ্ষ দহত অন্তৰ্ভুক্ত হ’ল ভাৰতৰ টেষ্ট ক্ৰিকেটাৰ ময়ংক আগৰৱাল ৷

author img

By

Published : Nov 26, 2019, 6:57 PM IST

mayank agarwal
আই চি চি টেষ্ট ৰেংকিঙৰ শীৰ্ষ দহত ময়ংক

স্পৰ্টছ ডেস্ক, 26 নৱেম্বৰ: শেহতীয়াকৈ প্ৰকাশ পালে আই চি চিৰ টেষ্ট ক্ৰিকেটৰ নতুন ৰেংকিঙ ৷ ৰেংকিঙত উজলিল ভাৰতীয় টেষ্ট ক্ৰিকেটৰ অ’পেনাৰ বেটছমেন ময়ংক আগৰৱাল ৷ পোন প্ৰথমবাৰৰ বাবে শীৰ্ষ দহত স্থান লাভ কৰিবলৈ সক্ষম হয় ময়ংকে ৷ 700 পইণ্টছ লাভ কৰি দহ নম্বৰ স্থান লাভ কৰে যুৱখেলুৱৈগৰাকীয়ে ৷

আই চি চি টেষ্ট ৰেংকিঙৰ বেটিং তালিকা
আই চি চি টেষ্ট ৰেংকিঙৰ বেটিং তালিকা

ইপিনে 931 পইণ্টছ লাভেৰে শীৰ্ষস্থানত আছে অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথে ৷ আনহাতে 928 পইণ্টছ লাভেৰে দ্বিতীয় স্থানত আছে বিৰাট কোহলি ৷ শেহতীয়াকৈ প্ৰকাশ পোৱা আই চি চি ৰেংকিঙত স্মিথ আৰু বিৰাটৰ মাজত ব্যৱধান হৈ পৰে কেৱল 3 পইণ্টৰ ৷ ইয়াৰ পূৰ্বে দুয়ো খেলুৱৈৰ মাজত ব্যৱধান আছিল 25 পইণ্টছৰ ৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত দিবা-নৈশ টেষ্টত শতক অৰ্জন কৰিছিল বিৰাটে ৷

আই চি চি টেষ্ট বলিং ৰেংকিঙ
আই চি চি টেষ্ট বলিং ৰেংকিঙ

বলিঙত ইশান্ত শৰ্মাই কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ট 716 পইন্টছ লাভ কৰি 17 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ হৈ পঞ্চম স্থানত জছপ্ৰীত বোমৰাহ থকাৰ বিপৰীতে ৰবিচন্দ্ৰন আশ্বিনে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

ইশান্তৰ 17 সংখ্যক স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.