স্পৰ্টছ ডেস্ক, 30 আগষ্টঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শুকুৰবাৰে কিংগছ্টনত দ্বিতীয়খন টেষ্টত অৱতীৰ্ণ হ’ব ভাৰত ৷ প্ৰথমখন টেষ্টত একপক্ষীয়ভাৱে জয় লাভ কৰাৰ পিচত শৃংখলা জয়ৰ লক্ষ্যৰে আজি কিংগছ্টনত মুখামুখি হ’ব আলহী দলটো ৷ প্ৰথমখন টেষ্টত বেটিঙত ৰাহানেয়ে সুন্দৰ প্ৰদৰ্শন কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজক দ্বিতীয় ইনিংছত ধৰাশায়ী কৰিছিল জছপ্ৰীত বোমৰাহ্ই ৷ উক্ত মেচখনত পাঁচটা উইকেট দখল কৰি অভিলেখ ৰচিছিল বোমৰাহে ৷
উল্লেখ্য যে, দ্বিতীয়খন টেষ্টত যুৱউইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ স্থানত ঋদ্ধিমান শ্বাহাক দলত স্থান দিয়াৰ সম্ভাৱনা আছে ৷ আনহাতে ৱেষ্ট ইণ্ডিজ দলটোত মিগ্য়ুৱেল কমিংন্সৰ স্থানত কিমো প’লক স্থান দিয়া হৈছে ৷ ভাৰতৰ বিপৰীতে ৱেষ্ট ইণ্ডিজ দলটোৰ লক্ষ্য হ’ব দ্বিতীয়খন টেষ্ট জয় লাভেৰে শৃংখলাত সমতা স্থাপন কৰাৰ ৷