ETV Bharat / sports

কোহলী বনাম তেণ্ডুলকাৰৰ 12 বছৰীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পাৰিসাংখ্যিক তুলনা

author img

By

Published : Aug 19, 2020, 1:41 PM IST

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু ভাৰতৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীৰ পাৰিসাংখ্যিক তুলনা ৷

12 বছৰীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পাৰিসাংখ্যিক তুলনা
কোহলী বনাম তেণ্ডুলকাৰ

স্পৰ্টছ ডেস্ক, 19 আগষ্ট : দুই পৃথক যুগৰ খেলুৱৈক তুলনা কৰাটো অযুক্তিকৰ ৷ কিন্তু যিকোনো ক্ৰীড়াতে এজন সুদক্ষ খেলুৱৈৰ পদাৰ্পন ঘটিলে তেওঁক পূৰ্বৰ মহান ক্ৰীড়াবিদসকলৰ সৈতে বিভিন্ন ধৰণেৰে তুলনা কৰা হয় ৷ এনেধৰণৰ তুলনা ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু ভাৰতৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীৰ কৰা হয় ৷

বেটেৰে বিশ্বৰ সকলো অভিলেখ নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছে শচীন তেণ্ডুলকাৰে ৷ 463 খন এদিনীয়াত 44.84 গড়েৰে 18,426 ৰাণ সংগ্ৰহ কৰিছে ক্ৰিকেটৰ 'ভগৱান' হিচাপে পৰিচিত তেণ্ডুলকাৰে ৷ 50 অ'ভাৰৰ ফৰমেটত শতকৰ অৰ্ধশতক কৰিবলৈ তেওঁ এটা শতক পিছপৰি ৰয় ৷ 'মাষ্টাৰ ব্লাষ্টাৰ'খ্যাত তেণ্ডুলকাৰে 200 খন টেষ্ট মেচত 15,921 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷ ক্ৰিকেটৰ দীৰ্ঘতম ফৰমেটত তেওঁ সংগ্ৰহ কৰিছিল 51 টাকৈ শতক ৷

দিন বাগৰি যোৱাৰ লগে লগে কোহলী আৰু তেণ্ডুলকাৰৰ তুলনা অধিক হ'বলৈ আৰম্ভ কৰিছে ৷ বহু লোকে বিশ্বাস কৰে যে, বৰ্তমানৰ ভাৰতীয় অধিনায়কগৰাকীয়ে তেণ্ডুলকাৰৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হ'ব ৷ উল্লেখ্য যে, মঙলবাৰে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত 12 বছৰ সম্পূৰ্ণ কৰে ৷

ক্ৰিকেটৰ সকলো ফৰমেটত তেণ্ডুলকাৰৰ দখলত 100 টা আন্তৰাষ্ট্ৰীয় শতক থকাৰ বিপৰীতে বিৰাটৰ দখলত আছে 70 টা শতক ৷ উল্লেখ্য যে, ক্ৰিকেটৰ ইতিহাসত 100 টা শতক অৰ্জন কৰা শচীন তেণ্ডুলকাৰেই বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ ৷ এই তালিকাত দ্বিতীয় স্থানত আছে ভাৰতীয় অধিনায়ক বিৰাট কোহলী ৷

এদিনীয়া ক্ৰিকেটত আজি পৰ্যন্ত কোহলীয়ে সংগ্ৰহ কৰিছে 43 টা শতক আৰু ইয়াৰ জৰিয়তে ক্ৰিকেট ইতিহাসত দ্ৰুততম ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে তেওঁ ৷ 31 বৰ্ষীয় ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে 248 খন এদিনীয়াত 59.33 গড়েৰে 11,867 ৰাণ সংগ্ৰহ কৰিছে ৷ পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক 183 ৰাণ সংগ্ৰহ কৰিছে কোহলীয়ে ৷

আনহাতে, আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত তেণ্ডুলকাৰে 12 বছৰ সম্পূৰ্ণ কৰোতে 272 খন মেচত সংগ্ৰহ কৰিছিল 10,803 ৰাণ ৷ সেই সময়ত তেণ্ডুলকাৰৰ সৰ্বাধিক ৰাণ আছিল 186 ৷

এদিনীয়াত কোহলীৰ গড় ৰাণ 59.33 হোৱাৰ বিপৰীতে তেণ্ডুলকাৰৰ গড় ৰাণ আছিল 43.73 ৷

উল্লেখ্য যে, বৰ্তমান আইচিচিৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষ স্থানত আৰু টেষ্ট ৰেংকিঙৰ দ্বিতীয় স্থানত আছে বিৰাট কোহলী ৷

ৰেড বল ক্ৰিকেটত কোহলীৰ প্ৰদৰ্শনলৈ লক্ষ্য কৰিলে দেখা যায় যে, সোঁহতীয়া বেটছমেনগৰাকীয়ে 86 খন টেষ্টত 27 টা শতক তথা 53.62 গড়েৰে সংগ্ৰহ কৰিছে 7,240 ৰাণ ৷

লগতে পঢ়ক : পাকিস্তানৰ বিৰুদ্ধে টি-20 ছিৰিজৰ বাবে টেষ্ট খেলুৱৈক বিৰাম ইংলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.