ETV Bharat / sports

বিচিচিআইৰ ওচৰত দিনেশ কাৰ্তিকৰ ক্ষমাপ্ৰাৰ্থনা - কেন্দ্ৰীয় চুক্তিৰ নিৰ্দেশাৱলী উলংঘা কৰাৰ অভিযোগ

আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ অধিনায়ক দিনেশ কাৰ্তিকে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডলৈ এখন ক্ষমাপ্ৰাৰ্থনা প্ৰেৰণ কৰিছে ৷ ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ (টিকেআৰ) ড্ৰেছিং ৰূমত কাৰ্তিকক প্ৰত্যক্ষ কৰাৰ পাছতে বিচিচিআইয়ে কেন্দ্ৰীয় চুক্তিৰ নিৰ্দেশাৱলী উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

বিচিচিআইৰ ওচৰত দিনেশ কাৰ্তিকৰ ক্ষমাপ্ৰাৰ্থনা
author img

By

Published : Sep 8, 2019, 2:41 PM IST

স্পৰ্টছ ডেস্ক, 8 ছেপ্তেম্বৰ : আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছ দলৰ অধিনায়ক দিনেশ কাৰ্তিকে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডলৈ এখন ক্ষমাপ্ৰাৰ্থনা প্ৰেৰণ কৰিছে ৷ ট্ৰিনবাগো নাইট ৰাইডাৰ্ছৰ (টিকেআৰ) ড্ৰেছিং ৰূমত কাৰ্তিকক প্ৰত্যক্ষ কৰাৰ পাছতে বিচিচিআইয়ে কেন্দ্ৰীয় চুক্তিৰ নিৰ্দেশাৱলী উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ উল্লেখ্য যে, এই নিৰ্দেশাৱলী অনুসৰি, কোনো ক্ৰিকেটাৰে বিচিচিআইৰ অনুমতি অবিহনে অন্য কোনো দলৰ কাৰ্যকলাপত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ চলিত কেৰিবিয়ান প্ৰীমিয়াৰ লীগৰ 4 ছেপ্তেম্বৰৰ মেচত ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ দলৰ ড্ৰেছিং ৰূমত দলটোৰ জাৰ্ছী পৰিধান কৰি থকা অৱস্থাত দিনেশ কাৰ্তিকক প্ৰত্যক্ষ কৰা হৈছিল ৷

ক্ৰিকেটাৰ দিনেশ কাৰ্তিক
বিচিচিআইৰ ওচৰত দিনেশ কাৰ্তিকৰ ক্ষমাপ্ৰাৰ্থনা

এই সম্পৰ্কত কাৰ্তিকে মন্তব্য কৰে, "মই টিকেআৰ দলত যোগদান কৰা নাই ৷ 4 ছেপ্তেম্বৰৰ মেচখনৰ বাবে ব্ৰেণ্ডন মেককালামে মোক দলটোৰ ড্ৰেছিং ৰূমৰ পৰা মেচখন উপভোগ কৰিবলৈ আহ্বান জনাইছিল ৷ সেয়েহে মই দলটোৰ জাৰ্ছী পৰিধান কৰি মেচ উপভোগ কৰিছিলো ৷ কিন্তু এই মেচৰ পূৰ্বে বিচিচিআইৰ অনুমতি নোলোৱা বাবে মই ক্ষমা ভিক্ষা কৰিছো ৷"

লগতে তেওঁ কয়, "ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ আৰু কলিকতা নাইট ৰাইডাৰ্ছৰ মুখ্য প্ৰশিক্ষক ব্ৰেণ্ডন মেককালামৰ অনুৰোধত মই ট্ৰিনিদাদ ভ্ৰমণ কৰিছিলো ৷ কলিকতা নাইট ৰাইডাৰ্ছ সম্পৰ্কত কিছু আলোচনা কৰিবলৈ সুবিধা হ'ব বুলি মেককালামে ভাবিছিল ৷"

উল্লেখ্য যে, কলিকতা নাইট ৰাইডাৰ্ছ দলৰ স্বত্বাধিকাৰীয়েই ট্ৰিনবাগো নাইট ৰাইডাৰ্ছ দলৰো স্বত্বাধিকাৰী ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.