স্পৰ্টছ ডেস্ক, 1 নৱেম্বৰ: অষ্ট্ৰেলিয়াৰ মেলৱৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত শুকুৰবাৰে উপস্থিত হয় বলিউডৰ ডীভা কৰীণা কাপুৰ খান ৷ 2020 চনত অনুষ্ঠিত হ'বলগীয়া পুৰুষ আৰু মহিলা টি-20 বিশ্বকাপৰ ট্ৰফী উদ্বোধন কৰে অভিনেত্ৰীগৰাকীয়ে ৷

নিজৰ ইষ্টাগ্ৰামত কিছু ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত উল্লেখ এনেকৈ, মেলৱৰ্ণত আই চি চি টি-20 বিশ্বকাপৰ ট্ৰফী উদ্বোধন কৰাৰ মুহূৰ্তত ৷ লগতে তেওঁ উল্লেখ কৰে,

"মই এই অনুষ্ঠানৰ অংশ হৈ নিজকে গৌৰাম্বিত অনুভৱ কৰিছো ৷ মই সেই মহিলাসকলক শলাগ লৈছো যিয়ে দেশৰ বাবে খেলি নিজৰ সপোন বোৰ বাস্তৱত ৰূপান্তৰিত কৰি আছে ৷ তেওঁলোক আমাৰ বাবে হৈছে প্ৰেৰণা ৷ মোৰ শহুৰ এজন প্ৰাক্তন ক্ৰিকেটাৰ গতিকে আজি এই স্থানত থিয় হ'ব পাই মই গৰ্ব অনুভৱ কৰিছো ৷"
উল্লেখ্য যে, কৰীণা কাপুৰৰ স্বামী ছেইফ আলী খানৰ পিতৃ মঞ্চুৰ আলী খান পতৌদি ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈৰ লগতে অধিনায়ক আছিল ৷

তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি 46 খন টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰে 40 খন মেচত তেওঁ ভাৰতীয় দলৰ হৈ অধিনায়কৰ দায়িত্ব পালন কৰিছিল ৷ তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৱতীৰ্ণ হৈছিল 1961 চনৰ পৰা 1975 চনলৈ ৷

21 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈকে মহিলাৰ টি-20 বিশ্বকাপ অনুষ্ঠিত হোৱাৰ বিপৰীতে 18 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈ চলিব পুৰুষ টি-20 বিশ্বকাপ ৷
