ETV Bharat / sports

ইংলেণ্ডৰ খেলুৱৈক ক্ষমা প্ৰাৰ্থনা নিউজিলেণ্ডৰ অধিনায়কৰ ! কিন্তু কিয় ? - প্ৰথমখন টেষ্টত অঘটন

ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত অঘটন ৷ বৰ্ণ বৈষম্যমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন ইংলেণ্ডৰ খেলুৱৈ জফ্ৰা আৰ্ছাৰৰ ৷ তাৰ পাচতেই ক্ষমা প্ৰাৰ্থনা নিউজিলেণ্ড ক্ৰিকেট বৰ্ড আৰু নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামচনৰ ৷

kane williamson
ইংলেণ্ডৰ খেলুৱৈক ক্ষমা প্ৰাৰ্থনা নিউজিলেণ্ডৰ অধিনায়কৰ
author img

By

Published : Nov 26, 2019, 7:56 PM IST

Updated : Nov 26, 2019, 10:06 PM IST

স্পৰ্টছ ডেস্ক, 26 নৱেম্বৰ: ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ৰোমাঞ্চকৰ জয় লাভ নিউজিলেণ্ডৰ ৷ কিন্তু এই জয় লাভ কৰাৰ পাচতেই ক্ষমা প্ৰাৰ্থনা নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামচনৰ লগতে নিউজিলেণ্ড ক্ৰিকেট বৰ্ডৰ ৷

দৰাচলতে মেচখনৰ পঞ্চম দিনা জফ্ৰা আৰ্ছাৰৰ বিৰুদ্ধে নিউজিলেণ্ডৰ এজন দৰ্শকৰ দ্বাৰা বৰ্ণ বৈষম্যমূলক মন্তব্যৰ সন্মুখীন হৈছিল বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ইংলেণ্ডৰ খেলুৱৈগৰাকীয়ে ৷ যাৰ পাচতে নিউজিলেণ্ড ক্ৰিকেট বৰ্ডে খেলুৱৈগৰাকীক এই কাৰ্যৰ বাবে ক্ষমা বিচাৰি এই কাৰ্যত জড়িত থকা লোকক অতি সোনকালে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷

নিউজিলেণ্ড ক্ৰিকেট বৰ্ডৰ ক্ষমা প্ৰাৰ্থনা

নিউজিলেণ্ড ক্ৰিকেট বৰ্ডৰ লগতে নিউজিলেণ্ডৰ অধিনায়ক কেন উলিয়ামচনেও ক্ষমা-প্ৰাৰ্থনা বিচাৰে ইংলেণ্ডৰ খেলুৱৈগৰাকীৰ ওচৰত ৷ উলিয়ামচনে কয়, মই নিউজিলেণ্ডৰ হৈ জফ্ৰা আৰ্ছাৰৰ আগত ক্ষমা বিচাৰিছো ৷ এইয়া অকল আমাৰ দলৰ তৰফৰ পৰাই নহয়, সমূহ নিউজিলেণ্ডৰ দৰ্শকৰৰ পৰা

সচৰাচৰ এনে কাৰ্য আশা কৰা নাযায় নিউজিলেণ্ডৰ লোকৰ পৰা ৷ অধিনায়কগৰাকীয়ে লগতে আশা প্ৰকাশ কৰে যে দ্বিতীয়বাৰৰ বাবে এনে কাৰ্য সংঘটিত নহয় ৷

লগতে চাওক-আই চি চি টেষ্ট ৰেংকিঙৰ শীৰ্ষ দহত ময়ংক

Last Updated : Nov 26, 2019, 10:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.