স্পৰ্টছ ডেস্ক,15 মাৰ্চ : অৱশেষত এংকৰ তথা মডেল সঞ্জনা গণেশনৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ ৷ সোমবাৰে গোৱাত ব্যক্তিগতভাৱে আনুষ্ঠানিকভাৱে যুগ্ম জীৱনৰ পাতনি মেলিলে যশপ্ৰীত-সঞ্জনাই ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ইনষ্টাগ্ৰামযোগে বিবাহৰ মূহুৰ্তৰ ফটো শ্বেয়াৰ কৰি বুমৰাহে তেওঁৰ অনুভৱ ব্যক্ত কৰে ৷ ফটোৰ কেপচনত তেওঁ কয় যে, যদি আপুনি প্ৰেমক যোগ্য অনুভৱ কৰে, তেন্তে প্ৰেমক আপুনি জীয়াই ৰাখিব পাৰিব । আমি এক নতুন যাত্ৰা আৰম্ভ কৰিছো । আজি আমাৰ জীৱনৰ আটাইতকৈ সুখৰ দিন আৰু আমি আমাৰ এই আনন্দ আপোনাৰ সৈতে ভাগ-বতৰা কৰিছো ৷ আমাক আশীৰ্বাদ কৰিব’’ ৷
লগতে পঢ়ক : ISL ৰ হিৰ' ফিজিয়ান খেলুৱৈ ৰয় কৃষ্ণ