ETV Bharat / sports

দলৰ পৰা বিনা কাৰণত বাহিৰ কৰিছিল মোকঃ যুৱৰাজ সিং

অৱসৰ ঘোষণা কৰাৰ প্ৰায় তিনিমাহৰ পাচত ক্ষোভ উজাৰিলে ছিক্সাৰ কিং যুৱৰাজ সিঙে ৷ ক’লে 'ইয়-ইয়' টেষ্টত সফল হোৱাৰ পাচতো দলৰ পৰা বিনা কাৰণে বাহিৰ কৰিছিল মোক ৷

সন্ন্যাসৰ পিচত যুৱৰাজৰ ক্ষোভ, ‘‘দলৰ পৰা বিনা কাৰণত বাহিৰ কৰিছিল মোক’’
author img

By

Published : Sep 27, 2019, 3:51 PM IST

স্পৰ্টছ ডেস্ক, 27 ছেপ্টেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাচত ক্ষোভ প্ৰকাশ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ৷ সন্ন্যাস ঘোষণা কৰাৰ প্ৰায় তিনিমাহৰ পাচত মুখ খুলিলে যুৱৰাজ সিঙে ৷ এক সাক্ষাৎকাৰত অংশ গ্ৰহণ কৰি যুৱৰাজে ক’লে,

‘‘ মই কেতিয়াও কল্পনা কৰা নাছিলো যে 2017 ৰ চেম্পিয়ন ট্ৰফীৰ পাচত খেলা আঠ-ন খন মেচৰ ভিতৰত দুখন মেচত ''মেন অফ দ্য মেচ''ৰ খিতাপ লাভ কৰাৰ পাচতো দলৰ পৰা বাহিৰ হ’ব লাগিব ৷ মই আঘাতৰ সন্মুখীন হৈছিলো আৰু মোক শ্ৰীলংকাৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাৰ বাবে প্ৰস্তুত থাকিবলৈ কোৱা হৈছিল ৷ পিচত হঠাৎ ''ইয়-ইয় ''টেষ্ট নিয়ম আৰম্ভ কৰা হয় ৷ কিন্তু ''ইয়-ইয় ''টেষ্টত মই উত্তীৰ্ণ হোৱা পাচত পুনৰ মোক ঘৰুৱা মেচত অংশ ল’বলৈ কোৱা হৈছিল ৷ মোৰ অনুভৱ এইবোৰ সকলো তেওঁলোকৰ এটা কেৱল অজুহাত আছিল ৷ তেওঁলোকে কল্পনা কৰা নাছিল যে, মই 36 বছৰ বয়সত ''ইয়-ইয়'' টেষ্টত উত্তীৰ্ণ হ’ব পাৰিম ৷ ’’

It was unfair to drope me after passing yo yo test says Yuvraj Singh
বিৰেন্দ্ৰ ছেহৱাগ-জাহিৰ খান

ইয়াৰ লগতে তেওঁ আৰু উল্লেখ কৰে,

‘‘মই ভাবো এই বিষয়টো এজন খেলুৱৈৰ বাবে দুৰ্ভাগ্যজনক কথা, যিয়ে 15-17 বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে ৷ কোনো এজনে মোৰ সৈতে আলোচনাত মিলিত নহ’ল ৷ আনকি বীৰেন্দ্ৰ ছেহৱাগ আৰু জাহিৰ খানৰ দৰে ক্ৰিকেটাৰৰ লগতো একে হৈছিল ৷ বিচিচিআইৰ উচ্চ পদস্থ বিষয়া সকলে, জ্যেষ্ঠ ক্ৰিকেটাৰৰ সৈতে কেৰিয়াৰৰ অন্তিম সময়ত কথা পাতিব লাগে ৷ যিটো ভাৰতীয় ক্ৰিকেট দলত কৰা নহয় বুলি উল্লেখ কৰে যুৱৰাজে ৷ ’’

উল্লেখ্য যে, এই বৰ্ষৰ 10 জুনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল যুৱৰাজ সিঙে ৷

ETV SPORTS
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.