স্পৰ্টছ ডেস্ক, 12 জুনঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াহৱতাৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে শেহতীয়াকৈ বলত থু অথবা চালাইভাৰ নিষেধাজ্ঞা জাৰী কৰাৰ পাচতেই ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ বেগীবলাৰ ইশান্ত শৰ্মাৰ প্ৰতিক্ৰিয়া । এই সিদ্ধান্তই বেটছমেনক অধিক উপকৃত কৰিব বুলি উল্লেখ কৰি ক্ৰিকেটত বেট-বলৰ মাজত সমান যুঁজৰ পক্ষপাতিত্ব কৰি তাক সুনিশ্চিত কৰাৰ আহ্বান জনায় খেলুৱৈগৰাকীয়ে ।
মঙলবাৰে আইচিচিয়ে বলত চালাইভা ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা স্পষ্টকৈ সদৰী কৰিছিল । ইয়াৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতৰ হৈ 97 খন টেষ্ট ক্ৰিকেট অংশ লোৱা ইশান্ত শৰ্মাই ।
খেলুৱৈগৰাকীয়ে কয়, যদি আমি টেষ্ট ক্ৰিকেট ব্যৱহাৰ হোৱা ৰঙা বলটোক উজ্জ্বলাই নাৰাখো তেন্তে চুইং লাভ কৰাত অসমৰ্থ হ'ম । যদি বলত চুইং লাভ কৰা নাযাব তেন্তে বেটছমেনৰ বাবে সকলো অতি সহজ হৈ পৰিব । মই ভাৱো বেটছমেনৰ বাবে অধিক সহজময় হোৱাতকৈ প্ৰতিযোগিতা সমান পৰ্যায়ৰ হোৱা উচিত ।
ভাৰত হৈ ইশান্ত শৰ্মাই বৰ্তমানলৈকে টেষ্ট ক্ৰিকেটত 297 টা আৰু এদিনীয়া ক্ৰিকেটত 115 টা উইকেট ল'বলৈ সক্ষম হৈছে । লগতে এই অভ্যাসৰ প্ৰতি লক্ষ্য় ৰাখি বলাৰক বিশেষ সাৱধানতা অৱলম্বনৰো পৰামৰ্শ দিয়ে খেলুৱৈগৰাকীয়ে ।
লগতে চাওকঃ শ্বেতাংগ-কৃষ্ণাংগ বিৰোধী প্ৰতিবাদৰ মাজতেই নিক্সনৰ সৈতে খোজ মিলাইছে ট্ৰাম্পে