ETV Bharat / sports

ছেপ্তেম্বৰত শ্ৰীলংকাত আইপিএল অনুষ্ঠিত কৰিব পৰা যায় : গাভাস্কাৰ

গাভাস্কাৰে কয় যে, ক্ৰীড়া ইভেন্টলৈ 25 শতাংশ দৰ্শক আহিব পাৰিব বুলি অষ্ট্ৰেলিয়া চৰকাৰে ঘোষণা কৰাৰ ফলত আইপিএলতকৈ বিশ্বকাপ টি-20 অক্টোবৰ মাহত আয়োজিত হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে ৷

author img

By

Published : Jun 14, 2020, 1:42 PM IST

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ
ছেপ্তেম্বৰত শ্ৰীলংকাত আইপিএল অনুষ্ঠিত কৰিব পৰা যায় : গাভাস্কাৰ

স্পৰ্টছ ডেস্ক, 14 জুন : প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে মন্তব্য কৰে যে, অষ্ট্ৰেলিয়াই সফলতাৰে COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হোৱা বাবে টি-20 বিশ্বকাপ পূৰ্বৰ নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰিব সেয়েহে ভাৰতেও শ্ৰীলংকাত ছেপ্তেম্বৰ মাহত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ অনুষ্ঠিত কৰিব পাৰে ৷

বিশ্বকাপ টি-20
আইপিএল

গাভাস্কাৰে কয় যে, ক্ৰীড়া ইভেন্টলৈ 25 শতাংশ দৰ্শক আহিব পাৰিব বুলি অষ্ট্ৰেলিয়া চৰকাৰে ঘোষণা কৰাৰ ফলত আইপিএলতকৈ বিশ্বকাপ টি-20 অক্টোবৰ মাহত আয়োজিত হোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে ৷

এটা টিভি চেনেলক গাভস্কাৰে কয়, "অষ্ট্ৰেলিয়া চৰকাৰে ঘোষণা কৰাৰ পাচত অক্টোবৰত বিশ্বকাপ টি-20 অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ দলসমূহে তিনি সপ্তাহ পূৰ্বে অষ্ট্ৰেলিয়াত উপস্থিত হ'ব লাগিব, ইয়াৰে 14 দিন কোৱাৰান্টাইনত থকাৰ পৰিৱৰ্তে 7 দিন অনুশীলনত অংশগ্ৰহণ কৰিব পাৰিব ৷"

বিশ্বকাপ, টি-20 স্থগিত কৰিলেহে আইপিএল হোৱাৰ সম্ভাৱনা আছে বুলি কয় গাভাস্কাৰে ৷ সেয়েহে অক্টোবৰত আইপিএল অনুষ্ঠিত হোৱাটো অসম্ভৱ বুলি তেওঁ কয় ৷

প্ৰাক্তন ভাৰতীয় অপেনাৰ গৰাকীয়ে লগতে কয় যে, শ্ৰীলংকা অথবা সংযুক্ত আৰৱ গণৰাজ্যত ছেপ্তেম্বৰ মাহত আইপিএল অনুষ্ঠিত কৰিব পৰা যায় ৷

"মৌছুমী ছিজনৰ বাবে ছেপ্তেম্বৰত ভাৰতত আইপিএল অনুষ্ঠিত কৰিব নোৱাৰি ৷ কিন্তু ছেপ্তেম্বৰৰ প্ৰথম ভাগৰ পৰাই শ্ৰীলংকাত আয়োজন কৰিব পৰা যায় ৷ এই বিষয়ত ভাবিব পাৰি ৷"

তেওঁ লগতে কয় যে, COVID-19 ৰ পাচত ক্ৰিকেট খেলাৰ অভিজ্ঞতা পৃথক হ'ব ৷ ষ্টেডিয়ামত দৰ্শকৰ অনুপস্থিতিও এক পৃথক অভিজ্ঞতা হ'ব বুলি তেওঁ মন্তব্য কৰে ৷

"অনুৰাগীয়ে এখন খেলৰ মানদণ্ড বৃদ্ধি কৰে ৷ তেওঁলোকৰ উপস্থিতিতহে খেলাৰ বাতাবৰণ সলনি হয় ৷ খেলুৱৈসকলে দৰ্শকৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিব ৷"

লগতে পঢ়ক : 'জম্মু-কাশ্মীৰ জন সংবাদ ৰেলী'ত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.