ETV Bharat / sports

IPL নিলাম : 62 জন খেলুৱৈত বিনিময় 140 কোটি

author img

By

Published : Dec 20, 2019, 12:00 PM IST

বৃহস্পতিবাৰে সমাপ্ত হয় আইপিএলৰ নিলাম প্ৰক্ৰিয়া ৷ 62 জন খেলুৱৈৰ নিলামত 140 কোটিতকৈও অধিক টকা ব্যয় কৰে 8 টাকৈ স্বত্বাধিকাৰী দলে ৷ সৰ্বাধিক দামত নিলাম হয় পেট কিউমিনছ ৷

62 জন খেলুৱৈত বিনিময় 140 কোটি
আইপিএল নিলামী

স্পৰ্টছ ডেস্ক, 20 ডিচেম্বৰ : বৃহস্পতিবাৰে 13 সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ৰ নিলাম অনুষ্ঠিত কৰা হয় ৷ এই নিলামত 62 জন খেলুৱৈক আইপিএলৰ আঠটা দলে ক্ৰয় কৰিবৰ বাবে 140 কোটিতকৈও অধিক টকা ব্যয় কৰা দেখা গ'ল ৷ প্ৰতি বছৰৰ দৰে এই বছৰো আইপিএলত অষ্ট্ৰেলিয়াৰ খেলুৱৈ সৰ্বাধিক দামত বিক্ৰী হোৱা পৰিলক্ষিত হয় ৷

সৰ্বাধিক দামত নিলাম হোৱা ক্ৰিকেটাৰ
পেট কিউমিনছ

এই নিলামত অষ্ট্ৰেলিয়াৰ পেচাৰ পেট কিউমিনছক সৰ্বাধিক 15.5 কোটি টকাত ক্ৰয় কৰে কলিকতা নাইট ৰাইডাৰ্ছ দলে ৷ ইয়াৰ জৰিয়তে আইপিএল 2017 নিলামীত বিদেশী খেলুৱৈ হিচাপে সৰ্বাধিক 14.5 কোটি টকাত বিক্ৰী হোৱা ইংলেণ্ডৰ অল ৰাউণ্ডাৰ বেন ষ্টোকছক অতিক্ৰম কৰে কিউমিনছে ৷ তাৰোপৰি, আইপিএল নিলাম ইতিহাসৰ সৰ্বাধিক দামত ক্ৰয় হোৱা যুৱৰাজ সিঙতকৈ 50 লাখ টকাহে কমকৈ লাভ কৰিবলৈ সক্ষম হয় কিউমিনছে ৷ উল্লেখ্য যে, আইপিএল 2015 নিলামত দিল্লী ডেয়াৰডেভিলছে 16 কোটি টকাত ক্ৰয় কৰিছিল ভাৰতৰ প্ৰাক্তন বিস্ফোৰক বেটছমেন যুৱৰাজক ৷

62 জন খেলুৱৈত বিনিময় 140 কোটি
আইপিএল নিলামী

তেওঁৰ উপৰি মুম্বাই ইণ্ডিয়ানছ দলে নাথান কোল্টাৰ নাইলক 8 কোটি টকাত ক্ৰয় কৰে ৷ কিংছ ইলেভেন পাঞ্জাৱে ছেলডন কট্ৰেলক 8.5 কোটি, গ্লেন মেক্সৱেলক 10.75 কোটি টকাত ক্ৰয় কৰে ৷ ৰয়েল চেলেঞ্জাৰ্ছ দলে এৰন ফিন্সক 4.4 কোটি, ক্ৰিছ মৰিছক 10 কোটি আৰু ইংলেণ্ডৰ ইয়ন মৰ্গানক কলিকতা নাইট ৰাইডাৰ্ছ দলে 5.25 কোটি টকাত ক্ৰয় কৰে ৷ ছিমৰন হেথমেয়াৰক দিল্লী কেপিটেলছে 7.75 কোটি টকাত ক্ৰয় কৰে ৷

62 জন খেলুৱৈত বিনিময় 140 কোটি
আইপিএল নিলামী

আনহাতে, ভাৰতীয় খেলুৱৈৰ ভিতৰত পিয়ুছ চাওলাক সৰ্বাধিক 6.75 কোটি টকাত ক্ৰয় কৰে চেন্নাই চুপাৰ কিংছ দলে ৷ ৰাজস্থান ৰয়েলছে ৰবিন উথাপ্পাক 3 কোটিত ক্ৰয় কৰে ৷ ভাৰতীয় যুৱ খেলুৱৈৰ ভিতৰত স্পীনাৰ বৰুণ চক্ৰৱৰ্তীক কলিকতা নাইট ৰাইডাৰ্ছ দলে 4 কোটি টকাত ক্ৰয় কৰে৷ ভাৰতৰ অনুৰ্দ্ধ-19 দলৰ খেলুৱৈ যশশ্বী জয়শৱাল আৰু কাৰ্তিক ত্যাগীক ৰাজস্থান ৰয়েলছ দলে ক্ৰমে 2.40 আৰু 1.30 কোটি টকাত ক্ৰয় কৰে ৷

নিলাম হোৱা 62 জন খেলুৱৈৰ ভিতৰত 29 জন বিদেশী আৰু 33 জন ভাৰতীয় খেলুৱৈ আছিল ৷

উল্লেখ্য যে, এই নিলামত কোনো দলে ক্ৰয় নকৰিলে টিম চাউদি, এলেক্স হেলছ, য়ুছুফ পাঠান, ডেছন হ'ল্ডাৰ, কাৰ্লোছ ব্ৰেথৱেইটক, এভিন লিৱিছ, কেছৰিক উইলিয়ামছ, চেতেশ্বৰ পূজাৰা, হনমুা বিহাৰী, আদাম জাম্পা, মাৰ্টিন গুপটিলৰ দৰে খেলুৱৈক ৷

আইপিএলৰ দলসমূহে ক্ৰয় কৰা খেলুৱৈৰ নাম উল্লেখ কৰা হ'ল -
ছানৰাইজাৰ্ছ হাইদৰাবাদ : মিটছেল মাৰ্ছ, প্ৰিয়ম গাৰ্গ, বিৰাট সিং, ফেবিয়ান এলেন, সন্দীপ বাভাংকা, সঞ্জয় যাদৱ, আব্দুল চামাদ ৷

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰু : ক্ৰিছ মৰিছ, এৰন ফিন্স, কেন ৰিছাৰ্ডছন, ডেল ষ্টেইন, ইছুৰো উদানা, ছাহবাজ আহামাদ, জছুৱা ফিলিপ, পৱন দেশপাণ্ডে ৷

ৰাজস্থান ৰয়েলছ : ৰবিন উথাপ্পা, জয়দেৱ উনাদকাড, যশশ্বী জয়ছৱাল, কাৰ্তিক ত্যাগী, টম কাৰেন, এণ্ড্ৰিউ টাই, অনুজ ৰাৱট, ডেভিদ মিলাৰ, অশ্বেইন থমাছ, অনিৰুদ্ধ অশোক জোশী, আকাশ সিং ৷

মুম্বাই ইণ্ডিয়ানছ : ক্ৰিছ লিন, নাথান কল্টাৰ নাইল, সৌৰভ তিৱাৰী, দিগ্বিজয় দেশমুখ, প্ৰিন্স বলবন্ত ৰায় সিং, মহছিন খান ৷

কলিকতা নাইট ৰাইডাৰ্ছ : পেট কিউমিনছ, ইয়ন মৰ্গান, বৰুণ চক্ৰৱৰ্তী, টম বেন্টন, ৰাহুল ত্ৰিপাঠী, ক্ৰিছ গ্ৰিন, নিখিল শংকৰ নায়ক, প্ৰবীণ টাম্বে, এম. সিদ্ধাৰ্থ ৷

কিংছ ইলেভেন পাঞ্জাৱ : গ্লেন মেক্সৱেল, ছেল্ডন কট্ৰেল, ক্ৰিছ জৰ্দান, ৰবি বিশ্নোই, প্ৰভশিমৰন সিং, দীপক হুদা, জেমছ নিছাম, তাজিন্দৰ ধিল্লোন, ইছান পৰেল ৷

দিল্লী কেপিটেলছ : শিমৰন হেথমেয়াৰ, মাৰ্কাছ ষ্টইনিছ, এলেক্স কেৰী, জেছন ৰয়, ক্ৰিছ ৱকছ, মোহিত শৰ্মা, তুষাৰ দেশপাণ্ডে, ললিত যাদৱ ৷

চেন্নাই ছুপাৰ কিংছ : পিয়ুছ চাওলা, চেম কাৰেন, জছ হেজলওদ, আৰ. ছাই কিশোৰ ৷

আৰু পঢ়ক : ৰাজ্যত মুকলি কৰি দিয়া হ'ল ম'বাইল ইণ্টাৰনেট সেৱা

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.