ETV Bharat / sports

আইপিএল 2020 সম্পৰ্কত জানিব লগা বিভিন্ন তথ্য...

author img

By

Published : Aug 6, 2020, 11:34 AM IST

আগন্তুক আইপিএলৰ বাবে বিচিচিআইয়ে প্ৰকাশ কৰিলে সঞ্চালন প্ৰক্ৰিয়া (SOP) ৷ 16 পৃষ্টাৰ দস্তাবেজত বিচিচিআইয়ে বিভিন্ন নিৰ্দেশাৱলী প্ৰদান কৰিছে ৷

বিচিচিআই
আইপিএল 2020 সম্পৰ্কত জানিব লগা বিভিন্ন তথ্য

স্পৰ্টছ ডেস্ক, 6 আগষ্ট : আগন্তুক আইপিএলৰ বাবে বিচিচিআইয়ে প্ৰকাশ কৰিলে সঞ্চালন প্ৰক্ৰিয়া (SOP) ৷ এই SOP অনুসৰি, খেলুৱৈৰ পৰিয়াল তথা ষ্টাফ সদস্যই খেলুৱৈসকলৰ সৈতে যোগদান কৰিব পাৰিব কিন্তু দলৰ সৈতে বাছত একেলগে ভ্ৰমণ কৰিব নোৱাৰিব ৷ 16 পৃষ্টাৰ দস্তাবেজত বিচিচিআইয়ে কয় যে, টছৰ সময়ত দলত অন্তৰ্ভূক্ত 11 জনীয়া খেলুৱৈৰ নাম অধিনায়কে প্ৰকাশ কৰোতে সকলো দলে ইলেক্ট্ৰ'নিক টীম শ্বীট ব্যৱহাৰ কৰিব লাগিব ৷ ড্ৰেছিং ৰুমৰ বাহিৰে অন্য যথাযোগ্য স্থান নিৰ্ধাৰণ সম্পৰ্কত মেচ আয়োজক অপাৰেচন দলে ব্যৱস্থা গ্ৰহণ কৰিব ৷

*দস্তাবেজ অনুসৰি, কোনো খেলুৱৈ তথা ষ্টাফৰ সদস্যই Bio-secure protocol ৰ উলংঘা কৰিলে আইপিএলৰ নিৰ্দেশাৱলীৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব ৷

*SOP এ এই কথাও উল্লেখ কৰিছে যে, খেলুৱৈসকলৰ সংস্পৰ্শত আহিলে ফিজিঅ'সকলে পিপিই কিট পৰিধান কৰিব লাগিব ৷

*খেলুৱৈ তথা মেচ অফিচিয়েলক প্ৰতিখন মেচৰ পাচত হোটেলত গা ধুৱলৈ নিৰ্দেশ দিয়া হৈছে ৷

*আইচিচিৰ নিৰ্দেশাৱলী অনুসৰি বিচিচিআইয়ে অন্য অনুমোদনসমূহ প্ৰকাশ কৰিছে ৷ খেলুৱৈসকলে বলত থুঁ ব্যৱহাৰ কৰিব নোৱাৰিব ৷

*আঠটা দলক পৃথক হোটেল বুকিং কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে ভাৰ্চুৱেল টীম মিটিঙৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে ৷

*53 দিনীয়া টুৰ্নামেন্টত Bio-secure নিৰ্দেশাৱলী মানি চলাৰ ওপৰত চকু ফুৰাবৰ বাবে সকলো দলকে এজনকৈ চিকিৎসক নিযুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

*আৰৱলৈ উৰা মৰাৰ পূৰ্বে প্ৰতিজন খেলুৱৈ আৰু ষ্টাফৰ সদস্যৰ চিকিৎসা আৰু ভ্ৰমণ ইতিবৃত্ত সম্বলিত এক তথ্য প্ৰতিটো দলৰ মেডিকেল দলে প্ৰদান কৰিব লাগিব ৷

*Bio-secure bubble ত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিগৰাকী খেলুৱৈয়ে 5 টা ক'ভিড-19 পৰীক্ষণ সম্পূৰ্ণ কৰিব লাগিব ৷

*Bio-secure bubble ত প্ৰৱেশ কৰাৰ পূৰ্বে খেলুৱৈ আৰু ষ্টাফে প্ৰতি পাঁচ দিনৰ অন্তত পৰীক্ষণ সম্পন্ন কৰিব লাগিব ৷

*দুটাকৈ সফল COVID-19 PCR পৰীক্ষণৰ পাচতহে খেলুৱৈসকলক আৰৱ গণৰাজ্যলৈ উৰা মাৰিবলৈ অনুমতি প্ৰদান কৰা হ'ব ৷

*আৰৱ গণৰাজ্যত উপস্থিত হোৱাৰ পাচত তেওঁলোকক হোটেলত কোৱাৰেন্টাইনত ৰখা হ'ব ৷ প্ৰায় 6 দিনৰ ভিতৰত তেওঁলোকক তিনিটাকৈ ক'ভিড-19 পৰীক্ষণ কৰোৱা হ'ব ৷

*SOP ত লগতে উল্লেখ কৰা হৈছে যে, প্ৰতিটো দলৰ স্বত্বাধিকাৰীয়ে Scalene Hypercharge Corona Canon (Shycocan) ইনষ্টল কৰিব লাগিব ৷

লগতে পঢ়ক : ৰোমাঞ্চকৰ তৃতীয় এদিনীয়াত বিশ্ব চেম্পিয়ন ইংলেণ্ডক পৰাস্ত আয়াৰলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.